পৃষ্ঠা:কানীয়াৰ কীৰ্ত্তন.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চতুৰ্থ দৰ্শন

——

কীৰ্ত্তিকান্তৰ মাৰল-ঘৰ।

(কীৰ্ত্তিৰ প্ৰবেশ)

 কীৰ্ত্তি। — (কানি মলি সিটাটো মেলি চাই) এই ডোখৰ কি? চুটি-কাপোৰৰ পাতলি হবলা; ছিঃ ৰাম ৰাম! কানি-খোৱাৰ ধিকাৰ। কানিৰ লগত চুটি-কাপোৰৰ মলিও খাব লগা হলোঁ, (অলপ ভাবি চাই) হওক, কি কৰিবা, নেখাই পাৰি নে? আৰু ইয়াত দোষো নাই; কাৰণ কানি অণন্তবিষ্ণুৰ মুখৰপৰা হৈছে। সিদিনা অধ্যাপক দেউৱে কৈছিল ’বোলে কিবা ভাল বস্তু দেখি অনন্ত মহাপ্ৰভুৰ লোভ লাগিলত মুখৰ লাল আৰু ফেন পৰিল, তাৰেপৰা কানি হল, এই দেখি ইয়াক শাস্ত্ৰত "অহিফেন" বোলে আৰু এই কাৰণেই হে কানীমানুহবোৰ লুভীয়া হয়"! গঙ্গা বিষ্ণুৰ চৰণৰ পৰা হে হৈছিল তেও তা ৰপানী এছাটি গাত লাগিলেই মহাপাপ নষ্ট হয়, কানি সেই বিষ্ণুৰ মুখৰপৰা হৈছে, ইনো চুটি-কাপোৰৰ কানি এডোখৰো শুচি কৰিব নোৱাৰিব নে? ই কি কথা? (কানিৰ ৰসটোপা শোহা মাৰি) যেনে-তেনেকৈ তেও কানি-ফেৰা পোৱা হল, এতিয়া তিতাটো মৰোঁ কিহেৰে? সিদিনা ডাঙ্গৰীয়াৰ শৰাধলৈ যে