পৃষ্ঠা:কানীয়াৰ কীৰ্ত্তন.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
কানীয়াৰ কীৰ্ত্তন

দুবেলা দোৰোজ মলি খাবলৈও পাবলৈ নাইকিয়া হল। মোৰ ঘৰত পাণ খাবলৈ পাই এটাইবোৰ মোৰ বন্ধু হৈছিল; এতিয়া সেইবোৰে উপাকৰ কৰা যাওক, বাটত দেখিলেও এফলীয়া হৈ হে যায়। আফিল কৰোঁগৈ বুলি শিৱকান্তে গাম-খাৰু-যোৰ লৈ গুৱাহাটীলৈ গল, আজি বছৰেক হল, তাৰো একো খবৰ নে পালোঁ; সি মনেৰে, ফাঁকি হে দিলে। সেয়ে থকা হলে তেও এতিয়া তাকে ভাঙ্গি খালোঁহেঁতেন। বাটি-লোটাকো বেচি খাই ঢুকালোঁ। তিৰোতাজনীৰ হাতত যি দুপদ কি এপদ অলঙ্কাৰ আছে, তাক কি বুলি খজিম? খুজিলোঁৱেই বা তাই নো দিব খুজিছে নে? তাই আগেয়ে পাণ খাই ধন উৰাবলৈ মোক সিমান মানা কৰিছিল, তেও মই তাইৰ হিত কথা নু শুনিলোঁ। এতিয়া তাই মোৰ কথা কেলেই শুনিব? তেও কি কৰিম? কানি খাবলৈ নে পাই মৰাত্‌কৈ, লাজ কাতিকৈ থৈ তাইকে এবেলি খুজি চাওঁ। (ঘৈণীয়েকক মাত লগাই লাহে-লাহে) শুনিছা নে? আজি কানি এফেৰি নাই, সমূলি মৰণ হৈছে। কি আছে কেৰু বা মণি এটাকে দিয়াঁ, তাকে বেচি কানি এফেৰা আনো গৈ।

 ঘৈণী। — (খং কৰি) এই খান মুখেৰেই আগেয়ে ন কৈছিলা, বোলা তোক দায়ে নে পায়? এতিয়া দেখোন এটাইবোৰ দাবে মোকেহে পাইছে হি, ধান-বনাৰপৰা পানী-অনালৈকে, সকলো বন ময়ে ন কৰিলে দুপৰীয়া