পৃষ্ঠা:কানীয়াৰ কীৰ্ত্তন.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
কানীয়াৰ কীৰ্ত্তন

 কীৰ্ত্তি। — দদাই দেও, আশীৰ্ব্বাদ কৰিব, এৰিব পাৰিম।

 মোহন। — বাৰু বাপা, মই এতিয়া চিৰস্তাদাৰৰ ঘৰলৈ যাওঁ।

 কীৰ্ত্তি। — [মনে-মনে] উস্‌ ৰাম! ৰক্ষা পৰিলো! (প্ৰকাশকৈ) ভাল, দদাই দেও!

(মোহন চন্দ্ৰৰ প্ৰস্থান)

 কীৰ্ত্তি। — (মনে-মনে) খাজনা কেইটকা বাকী থাকিল, এবাৰ মৌজাৰ ফাললৈও যাব লাগিছিল, কালি ৰাতি পাণ খাই বহি থাকোঁতেই ৰাতিটো গল, টোপনিয়েও ধৰিছে, অলপ শোওঁগৈ, গধূলি হলেই পাণ খাবলৈ বান্ধহঁত আহিব।

(কীৰ্ত্তিৰ চালপীৰাত শয়ন)
[চন্দ্ৰপ্ৰভাৰ প্ৰবেশ]

 চন্দ্ৰ। — আপোনাৰ নো কেনে স্বভাও? আদবয়স গল, তেও পৰ্কিতি নু গুচিল। ওৰে ৰাতি পাণ খাই এতিয়া দিনত শুবলৈ আহিছে। আজি ইমান দিনেও চৰকাৰী খাজনাৰ লেঠা ন মৰিল, যি কেইটকা উঠিছিল, সিও পাণ খাওঁতেই উৰিল। হজুৰৰপেৰা মাল কোৰোক কৰি থৈছে; কাইলৈ বা পৰ্শুইলৈ নাজীৰৰ টেকেলাই বেচিব হি; তালৈ কাণ-সাৰেই নাই। এইবোৰ নো ভাল