পৃষ্ঠা:কানীয়াৰ কীৰ্ত্তন.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
কানীয়াৰ কীৰ্ত্তন

কথা নে? আৰু বেলি খাজনা-বাকীৰ জহতে হাঁতী বেচা গ’ল, এই বেলি সোণৰ খাৰুও যাব।

 কীৰ্ত্তি। — থাক্‌ থাক্‌, মনে মনে থাক্‌, তোক দায়ে নেপায়।

 চন্দ্ৰ। — বাৰু মই মনে-মনে থাকিম, ইয়াৰ ধুন পাচেহে যাব।

[দুইৰো প্ৰস্থান]

 

দ্বিতীয় দৰ্শন

⸻:*:⸻
কীৰ্ত্তিকান্তৰ বাহিৰ-চৰা।

(এটা মানুহে পাণৰ কাঠী চাঁচিছে।)

[জনচাৰেক ৰায়তে সৈতে সাধনী-টেকেলাৰ প্ৰবেশ। ]

 সাধনী। — (বৰ খুঁটাৰ গুৰিতে বহি) ডাঙ্গৰীয়আই কি কৰিছে অ! বিকাৰাম।

 বিকা। — ডাঙ্গৰীয়াই কি কৰিছে সুধিছা হে? তোমালোকে জানা নে নেজানা? আমাৰ ডাঙ্গৰীয়াৰ ফালে মাজনিখা হে হৈছে।