পৃষ্ঠা:কানীয়াৰ কীৰ্ত্তন.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
কানীয়াৰ কীৰ্ত্তন

বাতিৰ এটা উপায় কৰিব লাগিল, তাৰে কি কৰিম ভাবিছোঁ।

 মোহন। — (ঢক-ধৰাত বহি) এৰা, বোপাই, এতিয়া আগৰ নিচিনাকৈ ধিতিঙ্গালি কৰি থাকিলে ভাল ন হয়; এতিয়া বৌ-দেও, ককাই দেও আছে নে? ঘৰৰ সকলো ভাৰ তোমাৰ ওপৰতে। সেইবোৰ যেই কি নহুক, মৌজাৰ খাজনা কেই টকা যেনেকৈ সোনকালে আদায় হয়, তাৰ নিমিত্তে চেষ্টা কৰাঁ, বাকী থকাটো ভাল ন হয়; আৰু বাপা, তুমি পাণ এৰি পেলোৱাঁ, পাণ সকলো অনৰ্থৰ মূল; তাক খালে শৰীৰৰ বল, বুদ্ধি, শ্ৰী, সকলোৱে নাশ পায়, আৰু তাত খৰচো অধিক। আজি-কালি তোমাৰ খৰচ দেখি-শুনিয়েই ভয় লাগে, এতেকে অলপ মলি খাবলৈ ধৰাঁ, সেয়ে ভাল।

 কীৰ্ত্তি। — [মনে-মনে] এওঁ বুধিৰ ফোঁপচুঙ্গা, পাণ বৰ-লোকৰ বস্তু, পাণ যি খায় সি ধুনীয়া; মলি খায় যি সি কানীয়া; এওঁ তাৰ কি বুজ পায়? মোৰ সৰ্ব্বস্ব যাওক সিও ভাল, তেও পাণ এৰিব নোৱাৰোঁ। [প্ৰকাশকৈ] হয়, দদাই দেও, ই বৰ বেয়া বস্তু, কানি এৰাৰ হুনু কিবা দৰব ওলাইছে, তাকে খাই ইয়াক একেবাৰেই এৰোঁ বুলিছোঁ।

 মোহন। — নিচেইকৈ এৰিব পাৰিলে ভালেই; কিন্তু ইয়াক এবেলি খালে এৰাটো টান।