পৃষ্ঠা:কানীয়াৰ কীৰ্ত্তন.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
কানীয়াৰ কীৰ্ত্তন

জীৱনত সকাম কি? কত্‌বা কিবা লাগি্ছে হবলা, এখান মঙ্গল পাতিকেনো নো চোৱায় কিয়?

 ভদ্ৰ। — এৰা ময়ো দেখি বিবুদ্ধি হৈছোঁ, কি নো হৈছে লৰাটোৰ কবই নোৱাৰোঁ। কালি বৰ দলৈৰ হতুৱাই তাৰ সোঁৱৰণীখান চোৱালোঁ, তাতে তেওঁ কলে বোলে, তাৰ গোৰত শনি হৈছে, ভাল ন হয়, শনি-স্তও পাঠ কৰাব লাগে। তাতে কলাগোটাচেৰেক আনি অহা শনিবাৰে দু-ৰূমান শনি-স্তও পাঠ কৰাবলৈ মনতে আগকৰি থৈছোঁ। মই এতিয়া বেজ-বৰুৱাৰ ঘৰৰপৰা আহোঁ গৈ।

[ভদ্ৰেশ্বৰ আৰু কীৰ্ত্তিৰ প্ৰস্থান]


⸻⸻

 
মঙ্গলতী বুঢ়ীৰ প্ৰবেশ।

  ললিতা।— মঙ্গলতী বাই নে? ভাল আহিলি আই, তোক মাতিবলৈ মানুহ পঠিয়াওঁ হে বুলিছিলোঁ।

  মঙ্গলতী। — কিবা হৈছে আইচু?

  ললিতা। — এ! কি শোদ আই? লৰাটোৰ দেখোন অস্তাই নাই, শুকাই হাড় কেইডাল হে আছে গৈ, তাতে কত্‌ নো কি লাগিছে, এখান মঙ্গল চোৱাব খুজিছোঁ। চাচোন আই, কড়ি-মুঠি আনিছ নে?