পৃষ্ঠা:কানীয়াৰ কীৰ্ত্তন.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

দ্বিতীয় দৰ্শন।


—ঃ(০০)ঃ—

ভদ্ৰেশ্বৰ বৰুৱাৰ মাৰলঘৰ।

—ঃ০ঃ—

ভদ্ৰেশ্বৰ, কীৰ্ত্তিকান্ত আৰু ললিতাৰ প্ৰবেশ।

 ললিতা। — আই ঐ! দেহি লৰাটিৰ নো কি হল? খিণাই দেখোন হাড় কেইডাল হে আছে গৈ। ভাত-পানীও খাব নোৱাৰে। হেৰ বাপা, তোৰ নো কি হৈছে? দিনেকেদিনে দেখোন খিণাই হে গৈছ, আৰু ভাত খাব নোৱাৰ কিয়?

 কীৰ্ত্তি। — জানো আই! ৰোগ-বেথো দেখোঁ একো নাই। তেও সদায় গা-টো বেয়া লাগি থাকে, হাত ভৰিবোৰে কুটকুটায়, একো খাবৰ মন নে যায়, মুখখান অৰুচি আৰু হামিবোৰ আহি থাকে। কি নো হৈছে কবই নোৱাৰো।

 ললিতা। — [গিৰীয়েকলৈ চাই] শুনিছ নে? আপুনি নো দেখা নাই নে? লৰাটোৰ দেখোন শুকাই হাড় কেইডাল হে আছে গৈ। আপুনি এফেৰিও কাণ নকৰে। একেটা লৰা, তাৰো এনে হব লাগিলে নো