পৃষ্ঠা:কানীয়াৰ কীৰ্ত্তন.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
কানীয়াৰ কীৰ্ত্তন

 মঙ্গলতী। — আনিছোঁ, আইচু; কড়ি ন হলে ধানেৰেও চাব পাৰোঁ; মটিত আঁক দিওঁ চাওঁ। তেও জানিবা, কড়ি-মুঠি হলে ভাল, একো সংশয় নে থাকে। (জোলোঙ্গাৰপৰা কড়ি এমুঠি উলিয়াই) আইচু, শুদা মুখে মঙ্গল চালে মঙ্গল ন ফলিয়ায়। পইচা, তামোল-পাণ কি আছে আনক। (তামোল-পাণ আৰু পইচা দিলত, কড়িমুঠি মূৰৰ গুৰিলৈ তুলি) এ ৰাম, মাতৃ! সইত কবা, গো-বধ, তিৰী-বধ, গঙ্গা-তীৰত সাত কপিলা-বধ কৰাঁ, সইত কবা, (কড়ি মাটিত পৱলাই তালৈ আঙ্গুলিয়াই) আইচু! চাওক চোন, নে দেখিছে? সেইটো কড়ি ওপৰলৈ মু'কৈ পৰিছে, ওপৰৰ ভাগৰ দোষ হব পায়। হয়, শুকানী-অপেস্বৰাৰ দোষ।

 ললিতা। — আই ঐ! দেই ডুখৰি! ভালেটো লৰাটি শুকাই খিণাই গৈছে; চাচোন আই, কি কৰিলে নো ভাল হব। যিহকে লাগে মই তাকে কৰিম, তেও লৰাটো ভাল হোক মাথোন।

 মঙ্গলতী। — (কড়ি-মুঠি আকও মাটিত পেলাই) আইচু, আন একো কৰিব নে লাগে, শনিবাৰে বা মঙ্গলবাৰে দুপৰীয়া সাতুটী, নাই পাঁচুটী, নাইবা তিনটী এৱাঁ-ছোআলীৰ হতুৱাই চোঁতালত, শুকানী-অপেস্বৰাৰ নামে শুকুলা ফুল এৱাঁ-গাখীৰ আৰু কেঁচা পিঠাগুড়ি দি তুতি-তৰ্পনাকৈ মতাব; আৰু জলশাই-ডাঙ্গৰীৰ নামে পাঁচ