পৃষ্ঠা:কলিতা জাতিৰ ইতিবৃত্ত.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩
সমালোচন৷ আৰু সামৰণি

ধৰ্ম্মান্তৰ হোৱা জাতি বা নতুনকৈ ক্ষত্ৰিয় আখ্যান লব খোজা জাতিও পৰশুৰামৰ ভয়ত আত্মগোপন কৰা বুলি কয়। পৰশুৰাম এটি সাঙ্কেতিক নামত পৰিণত হৈছে॥ ৪৭॥

 মাৰ্টিন চাহাবে কলিতা-পুৰোহিতৰ প্ৰসঙ্গত এইটো স্বীকাৰ কৰিছে যে কলিতাসকলে কি মতবাদ প্ৰচাৰ কৰিছিল তেওঁ কব নোৱাৰে। শঙ্কৰদেৱৰ একশৰণীয়া ধৰ্ম্মৰ প্লাবনত জনসাধাৰণৰ মাজত পুৰণি ধৰ্ম্মমতৰ চিন-চাব নোহোৱা হৈছে। অসমত দেৱ-দেৱীৰ মঠ-মন্দিৰ কেতবোৰত বাজে সৰ্ব্বসাধাৰণৰ পুৰণি ধৰ্ম্মৰ সকলো চিন লোপ হোৱা যেন হৈছে। সত্ৰীয়া বৈষ্ণবধৰ্ম্মৰ লগত বিশেষ সম্বন্ধ নৰখাকৈও কলিতাসকলৰ মাজত এতিয়াও মেধি, মহন্ত আছে আৰু তেওঁলোকৰ শিষ্য আদিও আছে। তেওঁলোকৰ প্ৰচাৰিত ধৰ্ম্মমতত দেহতত্ত্ব বা দেহ-বিচাৰৰ বিশেষ প্ৰাধান্য দেখা যায়। এই দেহবিচাৰ বৌদ্ধধৰ্ম্মৰ সহজযানৰ লগত সংশ্লিষ্ট যেন লাগে।

 হিউৱেন-চাঙৰ ভ্ৰমণৰ সময়ত কামৰূপত বৌদ্ধমতবাদী আছিল কিন্তু বৌদ্ধ মঠ-মন্দিৰ নাছিল। পিছৰ কালত যেতিয়৷ তন্ত্ৰৰ মাজেৰে বৌদ্ধ আৰু হিন্দু ধৰ্ম্মৰ সমন্বয় ঘটে তেতিয়া বৌদ্ধ দেৱদেৱীৰ নামেৰেও মঠ-মন্দিৰ স্থাপিত হয়। উগ্ৰ-তাৰ৷ বৌদ্ধতন্ত্ৰৰ শক্তি। কামৰূপত উগ্ৰতাৰা দেবালয় আছে। সেইদৰে হয়গ্ৰীব, কৰ্ম্মনাশা, জনাৰ্দ্দন আদি বৌদ্ধ তীৰ্থস্থান। যোগিনীতন্ত্ৰত জনাৰ্দ্দনমূৰ্ত্তিক ‘কলৌ বৌদ্ধ- স্বৰূপিণম্‌' (২।৫।২২১) বুলি উল্লেখ কৰা হৈছে। মুক্তিকো