পৃষ্ঠা:কলিতা জাতিৰ ইতিবৃত্ত.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
কলিতা জাতিৰ ইতিবৃত্ত


শৌৰ্য্যক্ষেত্ৰতো পৰশুৰাম-ক্ষত্ৰিয়কুল এটি বিবাট কল্পনাত পৰিণত হয়। যি কোনে৷ কাৰণে ক্ষত্ৰিয়ৰ সামাজিক অবনতি ঘটিলেই পৰশুৰামৰ দোহাই দিয়া হয়। কেৱল পৰশুৰামেই নহয়; দুই এজন প্ৰবল ক্ষত্ৰিয় ৰজায়ো অন্যায় আচৰণৰ বাবে আন আন ক্ষত্ৰিয়কুলক জাতিচ্যুত কৰাৰ আখ্যান আছে। হৰিবংশত আছে সগৰ ৰজাই শক, যবন আদি কিছুমান ক্ষত্ৰিয়কুলক জাতিচ্যুত কৰিছিল।

শকা যবনকম্বোজাঃ পাৰদাশ্চ বিশাম্পতে।
কৌলিশৰ্পাঃ সমহিষ্যা দাৰ্দাশ্চোল৷ সকেৰলাঃ॥
সৰ্ব্বে তে ক্ষত্ৰিয়াস্তাত ধৰ্ম্মস্তেষাং নিৰাকৃতঃ।
বশিষ্ঠবচনাদ্ৰাজন্ সগৰেণ মহাত্মনা॥

(হৰিবংশ ১৪।১৮-১৯)

 পুৰাণনৰ সাম্প্ৰদায়িক প্ৰচাৰৰ ফলত সকলো জাতিচ্যুতি বা জাতি-গোপনৰ দায়িত্ব পৰশুৰামৰ গাত দিয়া হয়। ওপৰৰ ৩৬ ছেদত পৰশুৰামৰ ভয়ত জলপাইগুৰিৰ জল্পেশ শিৱৰ ওচৰত শৰণ লোৱা ক্ষত্ৰিয়ৰ উল্লেখ কৰা হৈছে। কামৰূপৰ কুল-লুপ্ত ক্ষত্ৰিয়ৰ কল্পনা জলপাইগুৰিৰ গুপ্ত-ক্ষত্ৰিয়ৰ আখ্যানৰ পৰা ওলালেও ওলাব পাৰে। যি হওক পুৰাণৰ পৰশুৰাম এটি ব্যাপক কল্পনা। চাৰিবেদৰ সঙ্কলনৰ পৰা আৰম্ভ কৰি আধুনিক উপপুৰাণৰ ৰচনা যেনেকৈ ব্যাপক বেদব্যাসব নামৰ লগত সংশ্লিষ্ট, তেনেকৈ জাত্যন্তৰ বা