পৃষ্ঠা:কলিতা জাতিৰ ইতিবৃত্ত.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
কলিতা জাতিৰ ইতিবৃত্ত


নিৰ্ব্বাণ ( ১।১১।১৩ ) আৰু নিৰ্বৰ্ব্বাণ মুক্তি ( ১।২।৪ ) বুলি স্বীকাৰ কৰা হৈছে।

 পুৰণি অসমৰ ধৰ্ম্মমতত যে বৌদ্ধধৰ্ম্মৰ প্ৰবল প্ৰভাব পৰিছিল, সেইটো অস্বীকাৰ কৰিব নোৱাৰি কিন্তু কোনটো ধৰ্ম্মমত প্ৰবল আছিল উপস্থিত ঐতিহাসিক উপাদানৰ পৰা নিৰ্ণয় কৰা টান আৰু বৰ্ত্তমান প্ৰবন্ধ সেইবোৰৰ সূক্ষ্ম আলোচনাৰ উপযুক্ত ঠায়ো নহয়।

 বৰ্ত্তমান প্ৰবন্ধ প্ৰধাণতঃ কলিতাসকলৰ কৌলিক স্বৰূপতা নিৰ্ণয়ৰ বাবে লিখা হৈছে॥৪৮॥