পৃষ্ঠা:কলিতা জাতিৰ ইতিবৃত্ত.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
সমালোচনা আৰু সামৰণি


ৰাজত্বৰ কালতেই হিউৱেন-চাঙ ভাৰতলৈ আহে। কাশ্মীৰৰ · ৰজা মেঘবাহনে ৬ষ্ঠ শতাব্দীত কামৰূপৰ ৰাজ-কুৱঁৰী বিয়া কৰায় (ছেদ ১৩)। এইবোৰ তাৰিখ মিলাই চালে খৃঃ ২০০–৫০০ শতাব্দীৰ ভিতৰত কলিতাবোৰ কামৰূপৰ ফালে যাত্ৰ৷ কৰে বুলি অনুমান কৰিব পাৰি॥৪৬॥ কলিতা আৰু ক্ষত্ৰিয় সমানাৰ্থক বুলি আগৰ দিনৰ পৰাই জনশ্ৰুতি চলি আহিছে ( ছেদ ৬)। কেবল ঐতিহাসিক আলোচনাৰ অভাবত কলিতা শব্দটোৰ ‘কুল-লুপ্ত’ আদি মন-গঢ়া শব্দৰ লগত সাদৃশ্য দেখুৱাবৰ চেষ্টা চলি আহিছে। এক হিছাপে কলিতাবোৰ কুল-লুপ্ত হয়—বৌদ্ধমতৰ পৰা আকৌ হিন্দুমতলৈ অহাত; কিন্তু কুল-লুপ্তৰ অৰ্থ ধৰ্ম্মান্তৰ গ্ৰহণ নহয়৷ কুল-লুপ্তত্বৰ দায়িত্ব পুৰাণৰ ক্ষত্ৰিয়বিনাশী পৰশুৰামৰ ঘাৰত চপাই দিয়া হৈছে৷ পুৰাণৰ মতে পৰশুৰাম ত্ৰেতা যুগৰ আগডোখৰৰ অৱতাৰ৷ তেওঁৰ জীৱিত কালতেই ৰাম অৱতাৰ হয়। ৰামৰ হাতত তেওঁৰ পৰাজয়ো ঘটিছিল। দ্বাপৰ যুগত কুৰু-পাণ্ডবৰ ৰণ সভাতো তেওঁ উপস্থিত আছিল। ক’তা! পৃথিবীতো নিক্ষত্ৰিয় হোৱা নাছিল৷ পৰশুৰামৰ ক্ষত্ৰিয় নিৰ্ম্মূল কৰাৰ প্ৰতিজ্ঞা গুৰিতে এটি পাৰিবাৰিক ঘটনাৰ পৰা উদ্ভূত—ইয়ো এটি আদিম যুগৰ সভ্যতাৰ পাৰিবাৰিক Vendetta বৈৰ-পৰম্পৰাৰ উদাহৰণ মাথোন। পিছৰ কালত পুৰাণৰ সাম্প্ৰদায়িক প্ৰচাৰৰ ফলত ব্ৰক্ষণ্যক্ষেত্ৰত বশিষ্ঠ-বিশ্বামিত্ৰৰ প্ৰতিদ্বন্দ্বিতাৰ দৰে