পৃষ্ঠা:কলিতা জাতিৰ ইতিবৃত্ত.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
কলিতা জাতিৰ ইতিবৃত্ত


পৰা দেখা যায় বৌদ্ধমত ৰাজহুৱা ভাবে পুৰণি অসমত স্বীকৃত হোৱা নাছিল, আৰু ৰজাৰ পৰাও কোনো ৰকমৰ আশ্ৰয়-সাহায্য পোৱা নাছিল।সেইবাৱে মঠ-মন্দিৰ আদিও নিৰ্ম্মাণ হোৱা নাছিল।কিন্তু গোপনে ব্যক্তিগত- ভাবে বৌদ্ধমতীলোক আছিল।এতেকে দেখা গ'ল যে ৭ম শতিকাত বৌদ্ধধৰ্ম্ম অসমত সোমাইছে॥৪৫॥

 বেডেন পাওৱেলে হিন্দু ৰজাৰ উৎপীড়নত বৌদ্ধ- কলিতাসকলে চাৰিওফালে পৰিযাত্ৰা কৰিছে বুলি কৈছে। ভাৰতৰ ইতিহাসত তিনিবাৰ বৌদ্ধ উৎপীড়ন হোৱাৰ উল্লেখ আছে। মৌৰ্য্যবংশৰ পিছতেই ব্ৰাহ্মণ সুঙ্গবংশে উত্তৰ ভাৰতত ৰাজত্ব কৰে (খৃঃ পূঃ ১৮৫–৭৩)। মৌৰ্য্যকুলৰ শেষ-ৰজা বৃহদ্ৰথক হত্যা কৰি ব্ৰাহ্মণ-মন্ত্ৰী পুষ্যমিত্ৰ ৰজা হয়। তেওঁ অশ্বমেধ যজ্ঞ কৰি, হিন্দুধৰ্ম্মৰ মাহাত্ম্য প্ৰচাৰ কৰি বৌদ্ধ উৎপীড়ন আৰম্ভ কৰে। মঞ্জুশ্ৰীমূলকল্পত আছে যে পূৰ্বব দিশৰ পৰা কাশ্মীৰৰ দুৱাৰ মুখলৈ ৰাজ্য বিস্তাৰ কৰি মূৰ্খই ( পুষ্যমিত্ৰই ) বিহাৰবোৰ ধ্বংস কৰিব আৰু ভিক্ষুসকলক বিনাশ কৰিব৷ এয়ে বৌদ্ধ-উৎপীড়নৰ সূচনা। তাব পিছত হুন মিহিৰগুলে ( ৫০০-৫৪২ ) কাশ্মীৰ আদি উত্তৰ-পশ্চিম ভাৰতত বৌদ্ধৰ ওপৰত অত্যাচাৰ কৰে। অসমৰ ওচৰত গৌৰৰ ব্ৰাহ্মণ-বজ৷ শশাঙ্কয়ো (খৃঃ ৫৯০– ৬০৬ ) বৌদ্ধ উৎপীড়ন কৰে৷ শশাঙ্কক ৰণত হৰুৱাই কনৌজৰ হৰ্ষবৰ্দ্ধন বজা হয় (খৃঃ ৬০৬–৬৪৭)। হৰ্ষবৰ্দ্ধনৰ