পৃষ্ঠা:কলিতা জাতিৰ ইতিবৃত্ত.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯
সমালোচনা আৰু সামৰণি

কৰিছে। ইফালে কুষাণ-সম্ৰাট কণিষ্কৰ দিনত খৃঃ ১ম শতিকাত মহাযান বৌদ্ধসম্প্ৰদায় সংগঠিত হয় আৰু মহাযানীসকলে দেশে-বিদেশে বুদ্ধদেৱৰ নিৰ্ব্বাণতত্ত্ব প্ৰচাৰ কৰে৷ পূৰ্ব্ব দিশৰ জাভা, সুমাত্ৰা, বালি দ্বীপ আৰু দক্ষিণ ব্ৰহ্মদেশলৈ আহিবৰ পানীৰ বাট আছিল দক্ষিণ- পশ্চিম বঙ্গদেশৰ তাম্ৰলিপ্তৰ পৰা, আৰু উত্তৰ ব্ৰহ্মদেশলৈ আহিবৰ এটি বাট আছিল অসমৰ ভিতৰেদি মণিপুৰৰ মাজেৰে। পণ্ডিতসকলৰ অনুমান খৃঃ দ্বিতীয় শতাব্দীৰ পৰা উত্তৰ ভাৰতৰ ঔপনিবেশিকসকলৰ পৰিযাত্ৰা আৰম্ভ হয়॥৪৪॥

 এইটো আচৰিত যে যদিও পুৰণি কামৰূপ ৰাজ্যৰ উত্তৰে তিব্বত, দক্ষিণে সমতট (পূৰ্ব্ববঙ্গ), পশ্চিমে পুণ্ড্ৰ বৰ্দ্ধন ( উত্তৰ বঙ্গ ) আদি ঠাইত সঙ্ঘাৰাম, বিহাৰ আদি প্ৰতিষ্ঠানৰ সহায়েৰে বৌদ্ধধৰ্ম্ম সংস্থাপিত হৈছিল তথাথি পুৰণি কামৰূপত প্ৰকাশ্যে স্বীকৃতভাবে বৌদ্ধধৰ্ম্মই প্ৰতিপত্তি লাভ কৰিব পবা নাছিল। হিউৱেনচাঙে ভ্ৰমণ-কাহিনীত লিখিছে যে ভগবান বুদ্ধৰ আবিৰ্ভাবৰ পৰা ৭ম শতিকালৈ কামৰূপ ৰাজ্যত এঠি সঙ্ঘাৰামো নিৰ্ম্মিত হোৱা নাই। কিন্তু বৌদ্ধমতাবলম্বী যে নাছিল এনে নহয়৷ যিবোৰ বৌদ্ধ আছিল তেওঁলোকে বিশুদ্ধ বৌদ্ধমতাবলম্বী আছিল, তেওঁলোকে গোপনে উপাসনা কৰে ( বুদ্ধদেৱৰ নাম জপ কৰে ) আৰু এইখিনিতেই শেষ। হিউৱেন-চাঙৰ উক্তিৰ

8