পৃষ্ঠা:কলিতা জাতিৰ ইতিবৃত্ত.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
কলিতা জাতিৰ ইতিবৃত্ত

কৰে। কলিতাসকল যদিহে বৌদ্ধ আছিল, আৰু যদিহে পালবংশীসকলৰ লগত বৈবাহিক সম্বন্ধ ঘটিছিল, তেনেহলে পালবংশীসকল হয় বৌদ্ধ-কলিতাৰেই এটি শাখা নাইবা আগেয়ে বৌদ্ধ-প্ৰভাবান্বিত কোনো এটি জাতি॥৪২॥

 কলিতাসকল কেতিয়া আহি অসমত সোমায়, বৰ্ত্তমান ঐতিহাসিক উপাদানৰ পৰা প্ৰত্যক্ষভাবে প্ৰমাণ কৰা টান। পৰোক্ষভাবে আনুষঙ্গিক ঘটনাৰ সহায়েৰে সময়ৰ সীমা এটি নিৰ্দ্ধাৰণ কৰিব পাৰি৷ কলিতাসকল বৌদ্ধ আছিল এইটো নিশ্চিত। বেডেন পাওৱেলৰ স্পষ্ট উক্তি আছে আৰু বৌদ্ধ নহলে ব্ৰাহ্মণত বাজে আন জাতিয়ে পৌৰোহিত্য কৰাৰ প্ৰথা নাই॥৪৩॥

 চীনা পৰিব্ৰাজক ফা-হিয়ানে খৃঃ ৫ম শতিকাৰ আগ ভাগতেই ( ৩৯৯–৪১৪ ) ভাৰতভ্ৰমণ শেষ কৰে৷ তেওঁ ৰামগ্ৰামৰ অস্থিস্তূপ পৰিদৰ্শন কৰিছিল। ৰামগ্ৰামৰ তেতিয়া ভগ্নাবস্থা। মানুহ নাই নাই অবস্থা।

 হিউৱেন-চাঙৰ ভ্ৰমণকাল খৃঃ ৭ম শতিকাৰ পহিলা আধা- ডোখৰ ( ৬৩০–৬৪৫)। তেতিয়া কামৰূপত ৰজা ভাস্কৰবৰ্ম্মা আৰু উত্তৰ ভাৰতত সম্ৰাট হৰ্ষবৰ্দ্ধন। হিউৱেন- চাঙো ৰামগ্ৰামলৈ গৈছিল। ৰামগ্ৰামত মানুহ-দুনুহ নাই, অস্থিস্তূপ ৰক্ষা কৰি এজন মাত্ৰ শ্ৰমণ আছিল৷ ইয়াৰ পৰা দেখা হ’ল ফা-হিয়ানৰ ভ্ৰমণৰ অৰ্থাৎ, চতুৰ্থ শতিকাৰ আগতেই ৰামগ্ৰামৰ কোলিয়সকলে স্থানত্যাগ আৰম্ভ