পৃষ্ঠা:কলিতা জাতিৰ ইতিবৃত্ত.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
পুৰাণ আৰু তন্ত্ৰত

 এই নিয়ম সাদৃশ্যেৰে কোলনগৰ=কোলতা; কোল বা কোলিকনগৰ=কোলিতা; কুলনগৰ =কুলট।

 পুৰাণ, জাতক আদি গ্ৰন্থত জনপদ আৰু জাতিৰ নাম অনেক সময়ত অভিন্ন। যেনে, কামৰূপ = কামৰূপদেশ আৰু কামৰূপী মানুহ; বঙ্গ = বঙ্গদেশ আৰু বঙ্গালী মানুহ। সেইদৰে কুলট= কুলটদেশ আৰু কুল্‌তা মানুহ।

 সংস্কৃত শব্দৰ প্ৰথম স্বৰবৰ্ণ -, কেতিয়াবা কেতিয়াবা , হয়, যেনে কোলূত,, কুলূত; কোলিক, কুলিক। সংস্কৃত ‘কোল’=বঙ্গালী ‘কুল’।

 সেইদৰে সংস্কৃত শব্দৰ প্ৰথম স্বৰবৰ্ণ উ-, ও, অসমীয়া, বঙ্গালী আৰু বিহাৰী ভাষাত অ-, হয় যেনে,

 সঃ কোৰ = অঃ কৰ। সঃ চুল্লক = অঃ চলু;

 সঃ গোৰক্ষ=অঃ গৰখীয়া৷ এইবোৰ বিষয়ৰ বিশেষ আলোচনাৰ বাবে চোৱা (B. Kakati : Assamese Its Formation and Development §§ 86,216) i স্বৰবৰ্ণৰ সাল-সলনিৰ নিয়ম অনুসাৰে কোলতা, কুল্তা, কল্‌তা একে শব্দৰেই ৰূপান্তৰ মাথোন।

 সেইদৰে কোল, কুল, কল একে শব্দৰেই ৰূপান্তৰ॥৩৭॥

 ওপৰত উল্লেখ কৰা ( ছেদ ৩ ) অসমীয়া কিম্বদন্তীত আছে যে কলিতাৰাজ্য এখন এতিয়াও আছে আৰু এদিন কলিতা ৰজা ওলাই সমস্ত কামৰূপ ৰাজ্যতেই ৰাজত্ব কৰিব। বুকানন হেমিল্টন নামক ইংৰাজ প্ৰত্নজ্ঞ পণ্ডিতে কয় যে