পৃষ্ঠা:কলিতা জাতিৰ ইতিবৃত্ত.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
কলিতা জাতিৰ ইতিবৃত্ত
স্থানবাচক

—ত(ট) প্ৰত্যয়

ভাষাত কথা কৈ নিজৰ আৰ্য্যভাষা গোপন কৰে। জল্পীশ শিবকো তেওঁলোকে লুকাই ৰাখে।॥৩৬॥

 আৰ্য্য় সংস্কৃত ভাষাত স্বাৰ্থে অৰ্থাৎ শব্দৰ অৰ্থৰ সাল- সলনি নকৰাকৈ—ক-প্ৰত্যয়ৰ বহুল ব্যবহাৰ হয়। যেনে, বাল, বালক; তাৰা, তাৰকা; লতা, লতিকা ইত্যাদি। এই ক- প্ৰত্যয় সকলো শ্ৰেণীৰ শব্দৰ পিছতেই ব্যবহৃত হয়। পুৰাণ, জাতক আদি গ্ৰন্থতো স্থানবাচক শব্দৰ শেষত এই ক-প্ৰত্যয় ব্যবহাৰ হোৱা দেখা যায়। কিন্তু কালক্ৰমে এই ক-প্ৰত্যয়ৰ ঠাই অনাৰ্য্য অষ্ট্ৰক ভাষাৰ—ত (ট) প্ৰত্যয়ে অধিকাৰ কৰিব ধৰিলে। অষ্ট্ৰীক ভাষাত—ত(ট) স্বাৰ্থিক প্ৰত্যয় নহয়৷ স্থানবাচক শব্দৰ পিছতহে ইয়াৰ ব্যবহাৰ হয়। উত্তৰ ভাৰতৰ অসম, বঙ্গ, বিহাৰ আদি দেশত অষ্ট্ৰীক ভাষাৰ প্ৰভাব বৰ বেছি। সেই কাৰণে বহুত স্থানবাচক শব্দৰ পিছত—ত- প্ৰত্যয় দেখা যায়। পুৰাণ আদি গ্ৰন্থতো এই—ত-প্ৰত্যয় দেখা যায়। একে শব্দৰ পিছতে ঠাই অনুসাৰে—‘ক’ বা ‘ত’ দেখা যায়; যেনে, কোলুক, কোলূত; কুলূক, কলুত— একেখন ঠাইৰে নাম,—বৰ্ত্তমান পাঞ্জাবৰ কুলু জিলাৰ পুৰণি নাম। সেইদৰে, কোলিক, কুলিক, কোলিত—মোগ্ গলানৰ জন্মস্থান। নালগ্ৰাম, নালদ (ত) গ্ৰাম।

 বৰ্ত্তমান কালতো—ত-প্ৰত্যয়ৰ বহুল ব্যবহাৰ আছে, যেনে, কামতা, চামতা, বকতা, চাপটগ্ৰাম, দিপ্তা ( অসমৰ গাওঁৰ নাম)। ভাবতা, শকটী (বঙ্গদেশৰ বগুৰা জিলাৰ গাওঁৰ নাম)।