পৃষ্ঠা:কলিতা জাতিৰ ইতিবৃত্ত.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
কলিতা জাতিৰ ইতিবৃত্ত

খেন-বংশী নীলাম্বৰ ৰজাৰ বিষয়েহে এনেকুৱা জনপ্ৰবাদ আছে (District Gazetteer, Rangpur, 1911, p. 23); কিন্তু যোগিনীতন্ত্ৰমতে কোচৰাজবংশ প্ৰতিষ্ঠাতা ৰেণুসিংহৰ বিষয়েহে এই জনঘোষ খাটে:—

তেঽপি সৰ্ব্বে বেণুসিংহে যোগমাশ্ৰিত্য বিহ্বলে।
তিষ্ঠস্তি·ব্যক্তৰূপেণ পদমাকল্পমন্বিকে॥
...  ...  ...  ...
যদা যদা ব্ৰহ্মশাপঃ কামাখ্যায়াঃ ভবেৎ পুনঃ।
তদা তদাবতীৰ্ণোঽসৌ স্বস্য কামস্য পালকঃ।
তদা তদ্বাংশজাঃ সৰ্বেব ভবেষুঃ কামপালকাঃ॥

—যোঃ তঃ ১৷১৩৷১৭,২৩

 কিন্তু নীলাম্বৰ ৰজাৰ শেহ অবস্থাৰ যি ঐতিহাসিক বৰ্ণনা আছে, এই কিম্বদন্তী তেওঁত হে বিশেষকৈ খাটে যেন লাগে। নীলধ্বজ, চক্ৰধ্বজ আৰু নীলাম্বৰ তিনিজন খেন- বংশৰ ৰজা। খৃষ্ঠীয় পোন্ধৰ শতিকাৰ মাজভাগত কোচ- বিহাৰৰ কামতানগৰত খেন-বংশী নীলধ্বজে ৰাজ্য পাতে। প্ৰবাদ আছে নীলধ্বজ সৰুতে এজন ব্ৰাহ্মণৰ গৰখীয়া আছিল। ব্ৰাহ্মণে তেওঁৰ বিষয় ভবিষ্যদ্বাণী কৰিছিল যে তেওঁ এদিন ৰজা হব। ব্ৰাহ্মণৰ সহায়ত নীলধ্বজে পালবংশী ৰজাক খেদি নিজে কামতাৰ ৰজা হ’ল আৰু ব্ৰাহ্মণক মন্ত্ৰী পাতিলে আৰু মিথিলাৰ পৰা ভাল ব্ৰাহ্মণ কামতালৈ আনিলে৷ তেওঁৰ পিছত চক্ৰধ্বজ আৰু চক্ৰধ্বজৰ পিছত