পৃষ্ঠা:কলিতা জাতিৰ ইতিবৃত্ত.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তৃতীয় অধ্যায়

পুৰাণ আৰু তন্ত্ৰত

 প্ৰত্নজ্ঞ পণ্ডিতসকলৰ মতে কোল বা কোলি ৰাজ্য উত্তৰ- পূৰ্ব্ব ভাৰতৰ বৰ্ত্তমান আউধ ( অযোধ্যা ) প্ৰদেশৰ ভিতৰুৱা বস্তি জিলাৰ অন্তৰ্গত ৰামপুৰ-দেৱৰিয়া (ৰামগ্ৰাম-দেবদহ ) অঞ্চল। ইয়াত হিন্দুৰ প্ৰসিদ্ধ বৰাহচ্ছত্ৰ তীৰ্থ আছে। আৰু ৰোহিণী নৈ নেপাল ৰাজ্যৰ সমতল ভূমিৰে বৈ যোৱা বৰ্ত্তমান ৰোহিন নৈ। (N. L. Dey : Geographical Dictionary of Ancient India; p. 102; B. C. Law : Geography of Early Buddhism).

 বস্তিজিলা গোৰখপুৰৰ পশ্চিম সীমাৰ লগালগি আৰু বেডেন পাওৱেলৰ মত অনুসাৰে কামৰূপ ৰাজ্যৰ পশ্চিম সীমা কেতিয়াবা কেতিয়াবা গোৰখপুৰ জিলালৈ বিস্তাৰ লাভ কৰিছিল॥৩০॥

 যোগিনীতন্ত্ৰত কোলাপুৰ বা কোলানগৰৰ উল্লেখ আছে। ইয়াৰ ভৌগোলিক অবস্থিতি আৰুৰূপক আকাৰে কোলাসুৰৰ উৎপত্তিৰ বিষয়ে যি উপাখ্যান আছে তাৰপৰা কোলানগৰ কোলিয় সকলৰ কোলনগৰৰ পৰা অভিন্ন যেন লাগে। সংস্কৃতৰ “কোল”শব্দৰ আভিধানিক ৰূপভেদ হৈছে—কোল,

কোল-নগৰৰ অবস্থিতি