পৃষ্ঠা:কলিতা জাতিৰ ইতিবৃত্ত.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
কলিতা জাতিৰ ইতিবৃত্ত
যোগিনীতন্ত্ৰৰ

কেলানগৰ আৰু কোলাসুৰ

কোলা, কোলি, কোলী। কোলাপুৰৰ অৱস্থিতি এইদৰে

নিৰ্ণয় কৰিছে—

ভদ্ৰপীঠং দাক্ষিণাত্যে মধ্যদেশস্য় পাৰ্ব্বতি।
জালন্ধৰন্তু পাশ্চাত্য পূৰ্ণপীঠন্তু পূৰ্ব্বতঃ॥
ঐশান্যাং পূৰ্ব্বভাগে চ কামৰূপং বিভাবয়।
জালন্ধৰন্তু বায়ব্যে কোলাপুৰং তথোত্তৰে॥

( যোগিনীতন্ত্ৰ ২।১।১২-১৩)

 —মধ্যদেশৰ ঈশান ( উত্তৰ-পূব ) কোণত কামৰূপ; বায়ু ( উত্তৰ-পশ্চিম ) কোণত জালন্ধৰ (পাঞ্জাব)। উত্তৰ কোণত কোলাপুৰ॥৩১॥

 কোলানগৰৰ উৎপত্তিৰ বিষয়ে যোগিনীতন্ত্ৰত এইদৰে আছে৷ এসময়ত ব্ৰহ্মশাপত বিষ্ণুৰ পাপ উপজিল। সেই পাপ ক্ষয় কৰিবলৈ বিষ্ণুৱে হিমালয় পৰ্ব্বতৰ ওচৰলৈ গৈ মহাকালীৰ মহাবিদ্যামন্ত্ৰ জপ কৰিবলৈ ধৰিলে। দহ হেজাৰ বছৰ মন্ত্ৰ জপ কৰাৰ পিছত মহেশ্বৰী সন্তুষ্ট হ’ল। দেবী সন্তুষ্ট হোৱা মাত্ৰকতে বিষ্ণুৰ হৃদয়ৰ পৰা কোলা নামে অসুৰ এটি বাহিৰ ওলাই আহিল। সেই অসুৰে ব্ৰহ্মা, বিষ্ণু, ইন্দ্ৰ আদি সকলো দেবতাকে পৰাজয় কৰি দেবধাম অধিকাৰ কৰিলে। তেতিয়া সকলো দেবতাই গৈ কালীদেবীক তুতি কৰি ৰক্ষা কৰিবলৈ প্ৰাৰ্থনা জনালে। কালীয়ে কুমাৰীৰূপ ধাৰণ কৰি কোলানগৰলৈ গ'ল। কুমাৰীৰূপা