পৃষ্ঠা:কলিতা জাতিৰ ইতিবৃত্ত.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
কলিতা জাতিৰ ইতিবৃত্ত

এইবোৰ প্ৰস্তাৱত সৰ্ব্বদাই আগ্ৰহ প্ৰকাশ কৰে (Imperial Gazetteer of India: 1909; Vol.II. pp. 309, 312, 313)। অকৌ কলিতাসকল অতি ওখ শ্ৰেণীৰ খেতিয়ক আৰু সংস্থানসম্পন্ন গৃহস্থ। তেওঁলোকৰ পথাৰ বিস্তৃত, ভঁৰালঘৰ নানা শস্যেৰে ভৰপূৰ আৰু ঘৰবাৰী অতি আৰাম- দায়ক (W. W. Hunter : The Imperial Gazetteer of India, 1885; Vol. III. p. 86)। অসমৰ কলিতাসকলো প্ৰধানতঃ কৃষিজীবি। পূৰ্ব্ব সীমান্তৰ কোলিতাদেশৰ অধিবাসীবোৰো কৃষিপ্ৰধান আছিল বুলি উল্লেখ আছে। ( ছেদ ৬)।

 কোলিয়সকলৰ প্ৰতি প্ৰয়োগ কৰা “কোল-গছৰ কোলিয়” আৰু অসমৰ কলিতাসকলক লক্ষ্য কৰি কৰা ইতিকিং “কলৰ তলৰ কলিতা”ৰ সামঞ্জস্য আছে। বেডেন পাওৱেলৰ মত অনুসাৰে কলিতাসকল উৎপীড়িত বৌদ্ধ। উৎপীড়নত তেওঁলোকে দেশদেশান্তৰত আশ্ৰয় লয়। বঙ্গদেশৰ বৌদ্ধ ধৰ্ম্মপাল ৰজায়ো উত্তৰ ভাৰতৰ নানা ঠাইৰ পৰা কলিতা- পণ্ডিত ৰাজসভালৈ আনিছিল। মাৰ্টিন চাহাবৰ মতে কলিতাসকলে অসমৰ নানা ঠাইত গুৰুপুৰোহিতৰ কাম কৰিছিল। কলিতাসকলৰ ভিতৰত বিধবা-বিবাহৰ ৰীতি, ডাঙৰ ছোৱালী বিয়া দিয়াৰ প্ৰথা আদিয়ে তথা-কথিত সনাতন আচাৰৰ পৰা ব্যতিক্ৰম দেখুৱায়। সম্বলপুৰৰ কলিতাৰ ভিতৰতো বাল্য-বিবাহৰ ৰীতি নাই॥২॥