পৃষ্ঠা:কলিতা জাতিৰ ইতিবৃত্ত.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
বৌদ্ধ জাতকত
মোমায়েক দণ্ডপাণি ৰজা হয় আৰু দণ্ডপাণিৰ জীয়েক গোপা বা যশোধৰাই বুদ্ধদেৱক বিয়া কৰায়॥ ২০॥

 কোলিয়সকলৰ উৎপত্তিৰ বিষয়ে বৌদ্ধশাস্ত্ৰত কেই- বাটাও উপাখ্যান আছে। (১) সুমঙ্গলবিলাসিনী গ্ৰন্থত আছে যে ওক্বাক ( ইক্ষ্বাকু ) ৰজাৰ এজনী ছোৱালীৰ ধৱল ৰোগ হয়। ৰজাৰ পুতেকসকলে এইৰোগ আনৰ গালৈ আহিবৰ ভয়ত ভনীয়েকক বনলৈ লৈ গৈ মাটিৰ তলত পকা গাঁত এটি তৈয়াৰ কৰাই তেওঁক তাতে এৰি থৈ আহে। সেই সময়তেই বাৰাণসীৰ ৰাম নামে ৰজা এজনৰো ধৱল ৰোগ হয় আৰু তেৱোঁ ৰাজ্য এৰি বনবাসী হয়। গছৰ ফলমূল আদি খাই ৰাম ৰজাই আৰোগ্য লাভ কৰে। এদিনাখন ৰাতি গাঁতৰ তলৰপৰা মানুহৰ মাতৰ শব্দ শুনি পিছদিনা পুৱা গাঁতক লক্ষ্য কৰি গৈ ছোৱালীজনীক উদ্ধাৰ কৰে আৰু নিজে খোৱা ফলমূল ব্যৱহাৰ কৰাই ছোৱালীজনীক নিৰোগ কৰে আৰু বিয়া কৰায়। সেই ঠাইডোখৰত এডাল ডাঙৰ কোল ( বগৰী ) গছ আছিল। সেই কোল-গছ কাটি তাতে তেওঁ কোল-নগৰ বুলি নগৰ এখন নিৰ্ম্মাণ কৰায়। সেই কাৰণে ৰাম ৰজাৰ বংশধৰ সকলক কোলিয় বোলা হয়। (২) মহাবস্তু গ্ৰন্থত আছে উপাখ্যানৰ শেহডোখৰ বেলেগ ধৰণে। ছোৱালীজনী এজন শাক্যবংশীয় ডাঙৰীয়াৰ। তেওঁক ওপৰত কোৱাৰ দৰে গাঁতৰ ভিতৰত এৰি থৈ অহা হয়৷ গাঁতৰ গৰমত ছোৱালীজনী আপোনা আপুনি আৰোগ্য

কোলিয়ৰ উৎপত্তি