পৃষ্ঠা:কলিতা জাতিৰ ইতিবৃত্ত.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
কলিতা জাতিৰ ইতিবৃত্ত

লাভ কৰে আৰু তেওঁৰ গা-লৈ আগৰ লাবণ্য-কান্তি ফিৰি আহে। মানুহৰ গোন্ধ পাই এটা বাঘে গাঁতৰ মুখৰ পৰা মাটি আঁতৰাব ধৰিছিল৷ গাঁতৰ পৰা অলপ নিলগত দিব্য- জ্ঞানসম্পন্ন কোলনামে ৰাজৰ্ষি এজনে আশ্ৰম পাতি আছিল। ঋষিয়ে বনত ঘুৰি ফুৰে। ঋষিক দেখি বাঘটো আঁতৰি গুচি গ'ল৷ ঋষিয়ে গাঁতৰ মুখ মেলায় চাই দেখে যে গাঁতত সুন্দৰী ছোৱালী এজনী আছে। ঋষিৰ প্ৰশ্নত ছোৱালীজনীয়ে নিজৰ পূৰ্ব্ব পৰিচয় দিলে।

 ছোৱালীজনীৰ ৰূপ-লাবণ্য দেখি ঋষিৰ তপোভঙ্গ হ’ল আৰু আশ্ৰমলৈ লৈ গৈ ছোৱালীজনীক বিয়া কৰালে। দুটা দুটাকৈ ঋষিৰ বত্ৰিশটা যঁজা ল’ৰা হ’ল।

 ল’ৰাবোৰ ডাঙৰ-দীঘল হলত মাকে সিহঁতক কপিল- বস্তুলৈ নিজ জ্ঞাতি-কুটুম বিচাৰ কৰিবলৈ পঠালে। কপিলবস্তু নগৰলৈ গৈ সিহঁতে নিজৰ আতেক আৰু মোমায়েক সকলক বিচাৰি উলিয়ালে আৰু নিজৰো পৰিচয় দিলে। শাক্যসকলে ৰাজৰ্ষি পুত্ৰ বুলি সিঁহতক গ্ৰহণ কৰিলে আৰু শাক্যবংশীয় ছোৱালী বিয়া কৰাই দিলে। ৰাজৰ্ষি- কোলেও বাৰাণসী ৰাজ্য তেওঁৰ ডাঙৰ পুতেকক দান কৰিলে। ৰাজৰ্ষি-কোলৰ পুত্ৰ বুলি তেওঁলোকক কোলিয় বোলা হয়। (৩) কুণালজাতক পাতনিত আছে যে কোলিয়সকল কোল (বগৰী ) গছৰ খোৰোঙত বাস কৰিছিল, সেইকাৰণে তেওঁলোকক কোলিয় বোলা হয়।