সভাপতি আছিল আৰু পৰিষদ নবহিলে তেওঁৱেই ৰাষ্ট্ৰপতি হিছাপে কাম চলাইছিল৷ তেওঁৰ উপাধি আছিল ৰজা৷ প্ৰত্যেক প্ৰজাতন্ত্ৰীয় ৰাজ্যতেই উমৈহতীয়া ৰাজ-ঘৰ একোটি আছিল আৰু ইয়াৰ নাম আছিল সন্থাগাৰ (সংস্থাগাৰ )। ডেকা-বুঢ়া সকলো প্ৰজাই ৰাজহুৱা কামৰ বাবে এই সন্থাগাৰত গোট খাইছিল। ৰাজহুৱা কামৰ ভিতৰত ধৰ্ম্ম আৰু ৰাজনীতি দুয়ো আছিল। প্ৰধান পুৰুষৰ নিৰ্ব্বাচন প্ৰথা এই ৰাষ্ট্ৰসংঘৰ পৰা বৌদ্ধবিহাৰত সোমায়॥ ১৯॥
এই দহোটা ক্ষত্ৰিয় জাতিৰ ভিতৰত কোলিয় আৰু শাক্য সকলৰ ৰাজ্য লগালগি অছিল। দুয়ো ৰাজ্যৰ মাজত ৰোহিণী নামে এখন নৈ আছিল আৰু ইয়ে দুয়ো ৰাজ্যৰ সীমা আছিল। কোলিয়সকলৰ দুটি শাখা বা খেল আছিল। এটি খেলৰ প্ৰধান নগৰ আছিল দেবদহ ( দেবহ্ৰদ ) আৰু আন খেলৰ প্ৰধান নগৰ আছিল ৰামগ্ৰাম। দেবদহ কপিলবস্তুৰ নিচেই ওচৰচুবুৰীয়া আৰু ৰামগ্ৰাম কিছু নিলগত আছিল। এই দুয়ো খেলৰেই মূল স্থান আছিল কোলনগৰ। কোলনগৰৰ আন এটি নাম আছিল ব্ৰ্যাঘ্ৰপুৰ বা ব্যাঘ্ৰপদ। সেই কাৰণে কোলিয়সকলক ব্যাঘ্ৰপদীয়ও বোলা হৈছিল।
বুদ্ধদেৱৰ পিতা শুদ্ধোদনৰ সময়ত কোলিয় ৰাজ্যৰ ৰজা আছিল সুপ্ৰবুদ্ধ বা অঞ্জনৰাজ। তেওঁৰ মায়াদেবী আক প্ৰজাপতি (গৌতমী) – দুজনী জীয়েকেই শুদ্ধোদনক বিয়া করায়। অঞ্জন বাজৰ পিছত বুদ্ধদেৱৰ আপোন