পৃষ্ঠা:কলিতা জাতিৰ ইতিবৃত্ত.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দ্বিতীয় অধ্যায়

বৌদ্ধ জাতকত

বৌদ্ধশাস্ত্ৰৰ কোলিতগ্ৰাম আৰু কোলিত উপাধি  কলিতা (কোলিতা ) এটি আচহুৱা শব্দ নহয়। বুদ্ধদেৱৰ প্ৰধান ব্ৰাহ্মণ-শিষ্য মোগ্ গলান (মৌদ্‌গলায়ন ) ৰ প্ৰসিদ্ধ উপাধি আছিল ‘কোলিত’। তেওঁক মোগ্ গলান-কোলিত বোলা হৈছিল। কেবল কোলিত বুলিলেও বৌদ্ধ সাহিত্যত তেওঁকেই বুজায়৷ তেওঁৰ এই উপাধি লৈ পণ্ডিতসকলৰ ভিতৰত বহুত আলোচনা হৈ গৈছে। মোগ্ গলানৰ জন্ম হয় মগধৰাজ্যৰ ৰাজগৃহ নগৰৰ পৰা আধা যোজনমান দূৰৈৰ কোলিক বা কুলিক বোলা গাওঁ এখনত। চীনা পৰিব্ৰাজক হিউৱেন চাঙ্গৰ ভ্ৰমণ কাহিনীত এই গাওঁৰ উল্লেখ আছে

আৰু হিউৱেন চাঙ্গেও কোলিক বা কুলিক বোলা গাওঁক মোগ্ গলানৰ জন্মভূমি বুলি স্বীকাৰ কৰিছে। কিন্ত বৌদ্ধধৰ্ম্মৰ ‘মহাবস্তু’ বোলা গ্ৰন্থত এই ঠাইক কোলিত গ্ৰাম বোলা হৈছে। আন আন বৌদ্ধগ্ৰন্থত কিন্তু মোগ্ গলানৰ জন্মভূমিৰ নাম কোলিক বুলিহে আছে। পণ্ডিত সকলে কয় যে মোগ্ গলানৰ কোলিত উপাধি তেওঁৰ জন্মভূমিৰ নাম অনুসাৰে হয় ( T. Watters : Yuan Chang's Travels in India, Vol. II. pp. I71. et. seq.) কোলিত গ্ৰামৰ উল্লেখ আন আন সংস্কৃত বেদ্ধৌগ্ৰন্থতো