আছে৷ সেইবোৰতো ইয়াক ৰাজগৃহৰ ওচৰত বুলি কোৱা হৈছে। (B. C. Law: Geographical Essays, Vol. I. p. p. 15-16.)
মোগ্ গলানৰ কোলিত উপাধিৰ লগত কলিতা জাতিৰ সম্বন্ধ নাই। কিন্তু বৌদ্ধ-সাহিত্যত কোলিত এটি প্ৰসিদ্ধ শব্দ আৰু ঠাইবাচক শব্দৰ পিছত—“ত” প্ৰত্যয় মনত ৰাখিবলগীয়া। একেখন ঠাইৰ নাম “কোলিক”ও হব পাৰে, “কোলিত”ও হব পাৰে॥ ১৮॥ খৃষ্টপূৰ্ব্ব ষষ্ঠশতিকাত বুদ্ধদেৱৰ আবিৰ্ভাব হয়। সেই সময়ত ভাৰতবৰ্ষত কোনো একছত্ৰী ৰজা নাছিল। উত্তৰ ভাৰতত কাশী, কোশল, অঙ্গ, মগধ আদি ষোল্লখন ৰাজ- তন্ত্ৰীয় ৰাজ্য আছিল। সেই-বোৰত ৰজায়েই সকলো শাসন- তন্ত্ৰৰ মূল আছিল। এই ষোল্লখন ডাঙৰ ৰাজ্যৰ বাহিৰত দহখন সৰু সৰু প্ৰজাতন্ত্ৰীয় কৌলিক ৰাজ্য আছিল (republican tribal states)। কুলৰ নাম অনুসাৰে এইবোৰৰ নাম—সাকিয় ( শাক্য), কোলিয় (কোল্য ); মোৰিয় ( মৌৰ্য্য ); লিচ্ছবি; বুলি; কালাম; ভগ্ গ (ভৰ্গ); মল্ল ( দুই খেল ); বিদেহ। এই দহোটা ক্ষত্ৰিয় জাতি বা কুল লগলাগি এটি ৰাষ্ট্ৰসংঘ গঠন কৰিছিল; তাৰ নাম বৃজীয় জাতিসংঘ (Vrijjian Confederacy )৷ এই কৌলিক প্ৰজাতন্ত্ৰীয় ৰাজ্যবোৰত কেবল এজন প্ৰধান পুৰুষ শাসকৰূপে নিৰ্ব্বাচিত হৈছিল। তেওঁ শাসন-পৰিষদৰ |
কোলিয় ক্ষত্ৰিয় |