পৃষ্ঠা:কলিতা জাতিৰ ইতিবৃত্ত.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
ঐতিহ্য আৰু বুৰঞ্জীত

কৰি নামনি অসমৰ অধিবাসীসকলক নেপাল, ভোটান আৰু অসমৰ আন মানুহেও কলিতা আৰু কোঁচ বুলি দুভাগ কৰে ॥১৬॥ ( Martin : Vol III. p. 545).

 ওপৰত উল্লেখ কৰা ঐতিহ্য আৰু ইতিহাসৰ স্থূলমৰ্ম্ম এইটো যে কলিতাসকলে আদিতে বিহাৰ, যুক্ত-প্ৰদেশ আদি পূৰ্বব-উত্তৰ ভাৰতৰ কোনোবা ঠাইৰ পৰা ঐতিহাসিক অবস্থাৰ হেচাত চাৰিওফালে পৰিযাত্ৰা কৰে। তেওঁলোকে পূবে অসমৰ সীমান্ত ভূমি, পশ্চিমে কাশ্মীৰ, উত্তৰে নেপাল আৰু দক্ষিণে বোধ, সম্বলপুৰ, বোনাইগৰ আদি ঠাইলৈ পৰিযাত্ৰা কৰে। অসম আৰু সম্বলপুৰ আদি, ঠাইৰ কলিতাসকলৰ চাবেক অধিবসতিৰ ঐতিহ্যৰ বিষয়ে মিল আছে। আৰু তেওঁলোক যে পৰম্পৰাগত হিন্দু ধৰ্ম্মমতৰ বাহিৰা সম্প্ৰদায় আছিল সেইটোৰো ইঙ্গিত আছে॥১৭॥