সমললৈ যাওক

পৃষ্ঠা:কলিতা জাতিৰ ইতিবৃত্ত.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
ঐতিহ্য আৰু বুৰঞ্জীত


 “কলিতাসকলে ব্ৰাহ্মণৰ পৰা স্বতন্ত্ৰভাবে কি ধৰ্ম্মমত প্ৰচাৰ কৰিছিল মই জানিব পৰা নাই, কিন্তু সেইটো যে পৰম্পৰাগত হিন্দুমত নহয় সেই বিষয় সন্দেহ নাই। বৰ্ত্তমানে কলিতাসকলে খেতিৰ কাম অবলম্বন কৰিছে কিন্তু তেওঁলোকে বঙলা পঢ়িব পাৰে। কোঁচ হাজোৰ নাতি বিশু (বিশ্বসিংহ) ই যেতিয়াৰ পৰাই কামৰূপী ব্ৰাহ্মণ আনি ৰাজ্যত সুমুৱালে, তেতিয়াৰ পৰাই কলিতাসকলৰ প্ৰতিপত্তি কমিল আৰু ৰজাৰ আদৰ্শ অনুসৰণ কৰি তেওঁলোকেও ব্ৰাহ্মণৰ পৰা উপদেশ লব ধৰিলে। তথাপি ব্ৰাহ্মণৰ তলতেই তেওঁলোকৰ বিস্তৰ প্ৰতিপত্তি আৰু কেইবাবাৰো কোচ-বিহাৰৰ ৰজাসকলে ব্ৰাহ্মণ পুৰোহিত বিসৰ্জ্জন দি পুৰণি কলিতা-পুৰোহিতৰ আশ্ৰয় গ্ৰহণ কৰিছিল। কলিতাসকলে এতিয়া সম্পূৰ্ণৰূপে হিন্দু পূজা আৰু আচাৰ মানি লৈছে আৰু সৎশূদ্ৰৰূপে গৃহীত হৈছে।

 “কলিতাসকলে এতিয়া কৃষ্ণ-মত লৈছে আৰু তেওঁলোকে নিজক ভকত বা ভক্ত বুলি পৰিচয় দিয়ে।

 “কলিতাসকলৰ ভিতৰত যিবোৰে লিখা-পঢ়া কৰি ওলায়, তেওঁলোকে কায়স্থ বুলি পৰিচয় দিবলৈ চেষ্টা কৰে আৰু ৰঙ্গপুৰৰ বৰেন্দ্ৰ কায়স্থ বুলি পৰিচয় দিয়া আটাইবোৰেই গুৰিতে কলিতা৷ ৰঙ্গপুৰৰ বৰ্দ্ধন-কুঠি আৰু কঙ্কিনিয়াৰ জমিদাৰ দুঘৰ এই শ্ৰেণীৰেই জমিদাৰ।

 “অসমীয়া ব্ৰাহ্মণ বুলিও এক শ্ৰেণীৰ ব্ৰাহ্মণ আছে।