সমললৈ যাওক

পৃষ্ঠা:কলিতা জাতিৰ ইতিবৃত্ত.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
কলিতা জাতিৰ ইতিবৃত্ত
কলিতা পুৰোহিত উক্তিৰ পৰা পোৱা যায়। কলিতাসকল যে আগৰ কালত বৌদ্ধমতাবলম্বী আছিল সেইটোৰ আংশিক সমৰ্থন পোৱা যায়—এইটো কথাৰ পৰা যে পুৰণি অসমত কলিতাসকলে আন আন জাতিৰ পৌৰোহিত্যৰ কাম কৰিছিল। হিন্দুসমাজত পৌৰোহিত্যৰ কাম প্ৰধানতঃ বামুণেহে কৰে।

 ইংৰাজ প্ৰত্নজ্ঞ মাৰ্টিন চাহাবে কয় যে পুৰণি কামৰূপৰ অন্তৰ্গত ৰঙ্গপুৰ ( এতিয়া বঙ্গদেশৰ অন্তৰ্ভুক্ত ) জিলাত “এসময়ত কলিতাসকলব বিশেষ আধিপত্য আছিল। কোঁচজাতিৰ মানুহে যেতিয়াৰ পৰাই কিম্বদন্তী বা ইতিহাসত উল্লেখযোগ্য অবস্থালৈ আহিল, তেতিয়াৰ পৰাই তেওঁলোকে কোলিতা বা কোল্‌তা গুৰু-পুৰোহিত মানি লোৱা দেখা যায়৷ কলিতাবোৰৰ কিছু পৰিমাণে শাস্ত্ৰচৰ্চ্চা আছিল আৰু তেওঁলোকে বঙ্গালীত লিখা পুথিৰ চৰ্চ্চা কৰিছিল। তেওঁলোকৰ নিশ্চয় কিবা বিশিষ্ট শাস্ত্ৰ আছিল। কেৱল তেওঁলোকেই কোঁচসকলৰ দীক্ষা-গুৰু আছিল আৰু কিছুমান ঠাইত এতিয়াও তেওঁলোকেই গুৰু-হিচাপে প্ৰতিপত্তি লাভ কৰি আছে৷ এই কলিতা-জাতৰ ভালেমান ধৰ্ম্ম-উপদেশক অসম দেশত আছে আৰু তেওঁলোকৰ শিষ্যৰ সংখ্যা দহ বাৰ হেজাৰৰ কম নহব। এজন কলিতা-গুৰুৰ প্ৰতি অপমানৰ বাবেই অসমদেশৰ ভূতপূৰ্ব্ব ৰজাই পূৰ্ব্ব পুৰুষৰ সিংহাসন হেৰুৱাব লগাত পৰিছিল। আৰু কোম্পানীৰ বাহুবলৰ সহায় নহলে, তেওঁ আকৌ সেই সিংহাসনত উঠিব নেপালেহেঁতেন।