পৃষ্ঠা:কলিতা জাতিৰ ইতিবৃত্ত.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
কলিতা জাতিৰ ইতিবৃত্ত
পুৰণি অসমত কলিতাৰ প্ৰতিপত্তি তেওঁলোক কান্যকুব্জৰ পৰা অহা বৈদিক ব্ৰাহ্মণ আৰু তেওঁ

লোকক বিশ্বসিংহ ৰজাই আনে। কিন্তু অসমত আহি সোমো- ৱাৰ পিছত পশ্চিম কামৰূপৰ লগত তেওঁলোকৰ বিয়া-বাৰুৰ সম্বন্ধ নোহোৱা হয়। কিয়নো কোনে কিভাবে বংশৰ পবিত্ৰতা ৰক্ষা কৰিছে তেওঁলোকৰ জানিবৰ উপায় নাই। তেওঁলোকৰ এজনে মোক কৈছে যে তেওঁলোক অহাৰ আগত কলিতা- সকলৰ মাজত পণ্ডিতলোক আছিল আৰু কলিতা-পণ্ডিতেই সকলো সম্প্ৰদায়ৰ মাজত দীক্ষা-গুৰুৰূপে কাম কৰিছিল।” ॥১৪॥ ( M. Martin Eastern India, 1838. Vol III pp. 528, 543– 545,674, 676).

 ওপৰত উদ্ধৃত ৰচনাবলীৰ ভিতৰত পুৰণি কামৰূপী ভাষাকেই বঙ্গলা বুলি নিৰ্দ্দেশ কৰা হৈছে। কলিতা-গুৰুৰ প্ৰতি আহোম ৰজাৰ অপমানৰ দ্বাৰা তেওঁ মোৱামৰীয়া সম্প্ৰদায়ক লক্ষ্য কৰিছে॥১৫৷৷

 পুৰণি অসম দেশত কলিতাসকলৰ ইমান আধিপত্য আৰু প্ৰতিপত্তি আছিল যে বিদেশী গ্ৰন্থকাৰসকলে অসমৰ সমস্ত অধিবাসীকেই কলিতা আৰু আন জাতি বুলি দু-ভাগে ভাগ কৰিছিল৷ মীৰজুমলাৰ অভিযানৰ লগত অহা ফাৰ্চ্চী পণ্ডিত এজনে তেওঁৰ ৰচিত বুৰঞ্জীত কৈছে যে অসমৰ ( উজনী ) অধিবাসীসকল দুই জাতিত বিভক্ত—কলিতা আৰু আহোম (Fatiyah-i-Ibriyah : Quoted by Gait in History of Assam, p. 138)। কলিয়াবৰৰ পৰা আৰম্ভ