পৃষ্ঠা:কলিতা জাতিৰ ইতিবৃত্ত.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
ঐতিহ্য আৰু বুৰঞ্জীত


হিন্দুমত গ্ৰহণ কৰি অসম উপত্যকাত বাস কৰিছে। কিন্তু এই বংশৰ দুটি দলে দক্ষিণ পশ্চিম বঙ্গদেশৰ ফালে খোজ লয়। দক্ষিণ-পশ্চিম বঙ্গদেশ তেতিয়া নানান উৎপীড়িত জাতিৰ আশ্ৰয় স্থান আছিল। তাৰে এটি দল বোনাইগৰ ৰাজ্য লৈ যায় আৰু আন এটি দলে মধ্য-ভাৰতৰ সম্বলপুৰ জিলাত আশ্ৰয় লয়”॥২॥ ( B. H. Baden Powell : The Indian Village Community, 1896: p. 135 et. f. n.)

 কাশ্মীৰৰ ইতিহাস ৰাজতৰঙ্গিণী মতে মেঘবাহন নামে কাশ্মীৰী কোঁৱৰ এজনে প্ৰাগজ্যোতিষৰ ৰাজকন্যা অমৃতপ্ৰভাক স্বয়ম্বৰ প্ৰথামতে বিয়া কৰাইছিল। অমৃতপ্ৰভাই স্ত্তনপা নামে তিব্বতী বৌদ্ধপণ্ডিত এজন লগত লৈ গৈছিল। এই পণ্ডিতজন বাপেকৰ গুৰু আছিল। কাশ্মীৰলৈ গৈ ৰাণী অমৃতপ্ৰভাই অমৃত-ভবন নামে বিদেশী বৌদ্ধ ভিক্ষুসকলৰ বাবে বিহাৰ এটি নিৰ্ম্মাণ কৰাইছিল ( K L Barua : Early History of Kamarupa, 1933; p. 45.) 1 বেডেন পাওৱেলে ইঙ্গিত কৰা কাশ্মীৰী কোঁৱৰ জন মেঘবাহনেই হব পায়।

মেঘবাহনৰ সম্ভাব্য কাল খৃঃ ষষ্ঠ শতাব্দীৰ মধ্যভাগ॥১৩॥

 যদিও কলিতাসকল আদিতে ক’ৰ মানুহ সেইটো কোৱা হোৱা নাই, তথাপি তেওঁলোক কি আছিল আৰু কেনেকৈ চাৰিওফালে বিক্ষিপ্ত হৈ পৰিল সেইটো বেডেন পাওৱেলৰ