পৃষ্ঠা:কলিতা জাতিৰ ইতিবৃত্ত.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
কলিতা জাতিৰ ইতিবৃত্ত
বৌদ্ধ-কলিতাৰ পৰিযাত্ৰা  এতিয়া দেখা গ’ল অসম, বিহাৰ, নেপাল, দক্ষিণ ভাৰত

আদি নানা দেশত কলিতা মানুহ সিচৰতি হৈ আছে। এই কলিতাসকল কি আৰু ক’ৰ মানুহ আৰু কেনেকৈ নানা ঠাইত বসতি কৰিলে—এই প্ৰশ্নৰ উত্তৰ এজন ইংৰাজ প্ৰত্নজ্ঞ পণ্ডিতে দিছে। বেডেন পাওৱেল নামে ইংৰাজ পণ্ডিত এজনে কয় যে “পুৰণি অসম সৰু সৰু বেলেগ ৰাজ্যত বিভক্ত আছিল আৰু বুদ্ধদেৱৰ মহাপৰিনিৰ্ব্বাণৰ পিছত অসমৰ পশ্চিমফালে থকা ৰজাসকলে বৌদ্ধধৰ্ম্ম অবস্বলন কৰিছিল। পশ্চিমত থকা ক্ষুদ্ৰ ৰাজ্যবোৰ কেতিয়াবা কেতিয়াবা একোজন অধিৰাজৰ তলত একছত্ৰী হৈছিল, আৰু এইবোৰ ৰাজ্যৰ সীমা কেতিয়াবা কেতিয়াবা বিহাৰ আৰু অযোধ্যাৰ মধ্যবৰ্ত্তী গোৰখপুৰ জিলালৈ বিস্তৃত হৈছিল। এই বৌদ্ধমতাবলম্বী ৰজাসকলে ব্ৰাহ্মণ্যধৰ্ম্মৰ পুনৰুত্থান আন্দোলনৰ সন্মুখীন হব লগাত পৰিছিল আৰু শেহত ব্ৰাহ্মণ্যমতাবলম্বীসকলৰ পৰা তেওঁলোকৰ পৰাভব ঘটিছিল।

 এনে ঐতিহা আছে যে উৎপীড়িত বৌদ্ধসকলে পাহাৰ পৰ্ব্বতৰ মাজে মাজে পশ্চিমে কাশ্মীৰ দেশ পৰ্য্যন্ত আশ্ৰয় বিচাৰি গৈছিল। আৰু শুনিব পাওঁ যে অন্ততঃ ’এবাৰ কাশ্মীৰী ৰাজকোঁৱৰ এজনে সৈন্য-সামন্ত লৈ অসম দেশৰ বিৰুদ্ধে অভিযান চলাইছিল। এই ( বৌদ্ধ ) ৰাজন্যবংশৰ বংশধৰসকল এতিয়াও কুল্ তা বা কুলিতা জাতিৰে পৰিচিত হৈ ঠায়ে ঠায়ে সিচৰতি হৈ আছে। কিছুমানে এতিয়া