পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/১৬৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


আমা-সকলোৰে পিতা জীৱনে মৰণে,
নক’লে তোমাকে আৰু কাক কম, প্ৰভূ?
ক্ষমা কৰা দোষ মোৰ, পশিলো শৰণে।
ৰজাৰো যে ৰজা তুমি, আমি হীন প্ৰজা,
তুমি সৰ্ব্ব শক্তিমান, বলহীন আমি,
সি কাৰণে ভয় কৰি পূজোঁ কি তোমাক
অন্তৰত, ভাব কৰি জগতৰস্বামী?
ঈশ্বৰ নিন্দুক বুলি জানো নিন্দা কৰে,
নাস্তিকতা জানো পায় প্ৰকাশ লোকত,
সি কাৰণে ভয় কৰি “জগদীশ” বুলি,
পুজোঁ কি তোমাক প্ৰভূ! আমি অন্তৰত?
নহয়, নহয় প্ৰভূ! নহয় ভয়ত;
পূজিছোঁ তোমাক কৰি “সত্যত” নিৰ্ভৰ,
সদায়ো নহয় যদি, বিপদ কালত,
অকস্মাতে মাতে প্ৰভূ! তোমাক অন্তৰ।
শঙ্কটত হয় প্ৰভূ। জ্বলিলে পৰাণ
শোক বিষাদত আৰু অৰণ্য-মাজত,
যেতিয়া দেখায় ভয় দোৰ্ঘোৰ এন্ধাৰে,
তোমাক নিজেই মনে মাতে সিকালত
বিপদৰ পৰা ৰক্ষা কৰা বা নকৰা,
আপোনা-আপুনি মনে মাতে বিপদত
“জগতৰ পিতা” বুলি হঠাতে তোমাক
সি কাৰণে পূজোঁ প্ৰভূ! তোমাক মনত
জগতৰ পিতা তুমি অনাদি কাৰণ,