পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/১৬৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে




“কমতাপুৰ ধ্বংস”ৰ ওপৰঞ্চি।
আছিলে পাঠক হায়! মনৰ হেপাহ,
নানা সাজে সাজ-পাৰ আৰু অলঙ্কাৰ
পিন্ধাই উৰাই আমি কমতা ৰাণীক
সমৰপি দিম বুলি হাতত তােমাৰ।
কিন্তু সি কামনা মোৰ নহ’ল পুৰণ,
যিৰূপে সজাম বুলি আশা কৰিছিলোঁ,
তেনেকুৱা সাজ-পাৰ, তেনে অলঙ্কাৰ
নাপালোঁ বিচাৰি ক’তো, কত বিচাৰিলোঁ।
নিতান্ত দুখীয়া হায়! পাম কেনেকই
ভাল ভাল সাজ-পাৰ, ভাল অলঙ্কাৰ?
দুখীয়াৰ হাতে পৰি দুর্ভাগ্য বলত
কঙ্গালিনী হ’ল আজি ৰাণী কমতাৰ!
এনেযে দৰিদ্ৰ হায়! কত তুতি কৰি
খাটিছিলোঁ ভাৰতীক, দয়া নকৰিলে
সেই দৰে, যেনেকই আশা কৰিছিলোঁ,
মিছা আশা দেখুৱাই ছলেৰে ছলিলে।
ভাৰতি। ঈশ্বৰী তুমি মুৰ্খতা নাশিনী,
তােমাৰ ছলনা দেখি কান্দি উঠে চিত।
পঢ়া বয়ৰ কত সুৱলা কল্পনা
উটুৱাই দিলা মােৰ, নিৰাশা-নইত।
কত আশা কৰিছিলোঁ, কত যে পঢ়িম,
বেচি পঢ়ি, বেচি কই জ্ঞান উপাৰ্জ্জিম।
কিন্তু সেই আশা ফুল ফুলতে চিঙ্গিলা!