সমললৈ যাওক

পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/১৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৩
পঞ্চদশ সৰ্গ।

শোক বিষাদৰ ছবি—যদিহে নোহোৱা
দোষী তুমি, তেনেহলে, কাৰ দোষতেনো
কোৱাঁ মোক জগদীশ! হ’ল এনেকুৱা?
অম্ৰাৱতী পুৰী সম কমতানগৰ
কাৰ দোষতেনো আজি লণ্ডভণ্ড হল?
কাৰ দোষে কমতাক কন্দুৱাই থই,
ৰজা ৰাণী দুয়োজনে প্ৰাণ এৰি গ'ল!
কোৱাঁ প্ৰভূ! কাৰ দোষে হ’ল এনেকুৱা!
তোমাৰে কি দোষ নেকি ৰজা কুঁৱৰীৰ?
কোৱাঁছো বুজাই মোক মই আজি বুজো,
কাৰ দোষে এনে দশা পমিলী বুৰীৰ?
যদি কোৱাঁ, তই অতি ক্ষুদ্ৰ বুদ্ধি নৰ,
কিৰূপে বুজিবি আজি বিধি ঈশ্বৰৰ?
শকতি কিমান তোৰ ক্ষুদ্ৰ হৃদয়ত?
ঈশ্বৰৰ গতি তই বুজিবি কিহত?
যদি কোৱাঁ সেই বুলি, তথাপি তুমিয়ে
দোষী প্ৰভূ! (ভাল কথা) কিয়নো নিদিলা
শকতি বুজিব পৰা মোৰ হৃদয়ত?
সেই শক্তি হীন মোক কিয়নো কৰিলা?
দিয়া হলে সেই শক্তি, তন্ন তন্ন কৰি
বুজিলো হেতেন মৰ্ম্ম তোমাৰ সৃষ্টিৰ;
বুজিলো হেতেন কিয় কান্দিছে পমিলী,
কিয় হ’ল এনে দশা ৰজা কুঁৱৰীৰ?
কিন্তু হায়! কান্দে প্ৰাণ, নিৰ্দ্দয় ঈশ্বৰ!