পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/১৬০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৪৮
কমতাপুৰ ধ্বংস কাব্য

মহাঘোৰ অত্যাচাৰ) ৰাজপুত নাৰী!
কৰিছিলে প্ৰাণ ত্যাগ ‘অগণি-কুণ্ডত’
আপুনি জ্বলাই জুই, নিজে নিজে পৰি;
সেইৰূপে আজি ৰাণী ত্যজিলে পৰাণ;
শোক বেজাৰত সবে হই ম্ৰীয়মান
ঘৰলই গ'ল প্ৰজা,দশমীৰ দিনা
যায় যেনে ৰূপে গৃহী উটাই প্ৰতিমা!
দামুৰি হেৰালে যেনে বিয়াকুল গাই,
কুঁৱৰীক এৰি আজি তেনেকুৱা বাই!
কান্দি কান্দি বেজাৰত গ'ল ঘৰলই
ইনাই বীনাই হায়! বলীয়ানী হই!
লাহে লাহে কমি গ'ল চিতাৰ অগণি,
দেখিলো উলটি চাই ৰাণী আৰু নাই;
জ্বলা অগণিত পৰি তিয়াগিলে প্ৰাণ,
জুইয়ে কৰিলে হায়! পুৰি দেই ছাই!
কত চালো চাৰ ফালে কত বিচাৰিলো,
নেদেখিলে! কুৱৰীৰ শেষ” আজি হায়!
কেনি গ'ল আজি ৰাণী কমতা ঈশ্বৰী!
ক’তোঁ দেখোঁ কুঁৱৰীৰ একো ছিন নাই!
সেই জোন, সেই বেলি, সেই তৰা আছে,
সেই নই, সেই মেঘ (কলীয়া দাৱৰ)
সেই জুই, সেই পানী, সেই শ্মশানেই,
সেই সকলোটী আছে নাই হোৱা লৰ!
সেই গছ, সেই পাত, সেই লতা ফুল,