পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/১৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সেই সকলোটী আছে ৰাণী কিয় নাই?
এই প্ৰশ্ন কতবাৰ উঠিল মনত,
মনতেই পুনু হায়! লয় হই যায়।
অবাক! অবাক হই চালো কেউ ফালে,
নাপালো যে কুঁৱৰীক, কতো দেখা নাই;
কেনি গ'ল আজি ৰাণী? কোন ফালে? কেনি?
কোনে ক'ব? কোনে হায়! দিব দেখুৱাই?
গ’ল আজি ৰাণী তাত, —মানৱৰ ভাবে
ভাবিব নোৱাৰে যাৰ ছবি মনোহৰ;
কল্পনা নোৱাৰে যাক আঁকিব তুলিৰে,
সি ৰাজত গ'ল ৰাণী কমতাপুৰৰ।



কমতাপুৰ ধ্বংস কাব্য (page 161 crop)
কমতাপুৰ ধ্বংস কাব্য (page 161 crop)