পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/১৫৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


ভাললই দ্বন্দ হাই নালাগে ঘৰত,
ভাললই ভায়ে ভয়ে নকৰে বিৰোধ,
ভাললই ৰাজমন্ত্ৰী নহয় নিৰ্বোধ!
ভাললইনে কি হায়! দেশৰে মানুহে
বিদেশীক মাতি আনে আপোন দেশত?
চোৰক দেখায় আনি আপোনাৰ ঘৰ,
শুনিছা কি এনে কথা কোনোবা ৰাজত!
বিধতাৰ ইচ্ছা হায়! আছে যে ভাগ্যত
বহুত কেলেশ জানো, জনম ভূমিৰ!
যৱনৰ পদানত হ’ব জন্মভূমি!
কোনে পাৰে বাধা দিব ইচ্ছা বিধিৰ?”
এই দৰে ক'লে বহু প্ৰজাক কুঁৱৰী
উলিয়াই দুচকুত চকুলো দুধাৰি!
এনে সময়তে আহি দুখুনী পমিলী
আউলী বাউলী হই,—মনৰ বেগত
ৰাণীক সাবটি ধৰি দুয়োটা হাতেৰে
বুলিব ধৰিলে বুৰী অতি বেজাৰত!
“আছিল মনত আশা, অন্তিম কালত
মুদিম দুচকু, চাই তোমাক আগত!
কিন্তু নিদাৰুণ বিধি! কি কৰি বুজিম
তাৰ লীলা? সি সুখত কৰিলে বঞ্চনা!
আছিলে মনত হায়! ৰজাৰে তোমাৰে
সুখ দেখি পাহৰিম সংসাৰ যাতনা!
কিন্তু হায়! বৃথা আশা! পূৰ্ব জন্মফলে,