সমললৈ যাওক

পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/১৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৪
কমতাপুৰ ধ্বংস কাব্য।

কিন্তু আশীৰ্বাদ হায়! দিয়া থ’ক পৰি,
উঠিলে সকলো প্ৰজা শোকত চিয়ৰি!
সকলো প্ৰজাই ক'লে কান্দি বেজাৰত:
“কমতাক এৰি আই! যাবা তুমি কত?
ক’ত এৰি থই যাবা কমতা-বাসীক?
পাহৰিবা কেনেকই পমিলী বুৰীক?
তোমাৰ মৰম আৰু তোমাৰ সদগুণ,
তোমাৰ বীৰতা আমি কি কৰি ভুলিম?
নাযাবা নাযাবা আই! তিয়াগি আমাক
আদৰৰ কমতাক! কিৰূপে সহিম!
তুমি যদি এৰি যোৱা কি হব বিলয়
কমতা বাসিৰ আৰু কমতাপুৰৰ?
যৱনৰ পদানত হব জন্ম ভূমি,
সি দুখে তোমাৰ নেকি নদহে অন্তৰ?
মেলেছ কৰিব বাস কমতাপুৰত,
কি কৰি ই দুখ হায়! সহিবা মনত?
নাযাবা নাযাবা আজি তিয়াগি কমতা
জনম ভূমিৰ আই! পাহৰি মমতা!”
“জনম ভূমিৰ ভাবি ভবিষ্যত দুখ”
কুঁৱৰীয়ে কলে কান্দি প্ৰজালই চাই
“মোৰো বিদৰিছে হিয়া কান্দিছে পৰাণ!
কিন্তু কি কৰিম? হায়! নেদেখো উপায়!
জানিলো! এতিয়া!
ভাললই কলি গৰু নজগে ভাদত