পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/১৫৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


কুঁৱৰীয়ে গ’ল এৰি দুখৰ সংসাৰ
স্বামীৰে সইতে আজি অনুমৃতা হই!
যাওঁ বাই! যাওঁ আজি তিয়াগি সংসাৰ
ত’লই ৰাজিছে য়ত আত্মা স্বোৱামীৰ,
য’ত আছে সখী মোৰ ছোৱালী কালৰ,
বিৰাজিছে আত্মা য’ত পিতৃ-মাতিৰীৰ!
যাওঁ বাই! যাওঁ আজি, যাওঁ সি দেশত,
বিৰাজিছে য’ত প্ৰভু অনাদি কাৰণ,
একমেব অদ্বিতীয়, পৰম ঈশ্বৰ!
স্বোৱামীয়ে স’তে কৰি চিতা-আৰোহণ!
যাওঁ আজি সি দেশত, য’ত বিৰাজিছে!
আই মাহী আইয়ে স’তে জগতৰ পিতা
অপুৰ্ব্ব বিভাৰে কৰি গোলোক পোহৰ;–
ৰঙ্গে কৰি আলিঙ্গন স্বোৱামীৰ চিতা!”
এই বুলি কুঁৱৰীয়ে প্ৰজালই চাই
বুলিব ধৰিলে হায় হিয়া ফাটি যায়!
“অষ্টাঙ্গে পৰিছে আজি দুখুনী কুঁৱৰী,
আশীৰ্ব্বাদ দিয়া সবে’ দোষ ক্ষমা কৰি!
দিয়াঁ আশীৰ্ব্বাদ, যেন গই সি দেশত
অনন্দ মনেৰে থাকোঁ স্বামীৰ লগত!
প্ৰভৃৰ পাৱৰ যেন নহওঁ আঁতৰ,
পাওঁ যেন নিতে তাত আইৰ সাদৰ!”
এই বুলি কুঁৱৰীয়ে কান্দি বেজাৰত
পৰিলে দীঘল হই প্ৰজাৰ আগত!