পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/১৫৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৪২
কমতাপুৰ ধ্বংস কাব্য

পমিলী বুৰীক চাই চকু পাণী টুকি,
বুলিব ধৰিলে ৰাণী পাছে বিষাদত;—
“জীৱনৰ লীলা বাই! আজি শেষ হ’ল
অভাগীৰ; মোত লাগি নকৰিবা শোক!
সতী যাওঁ আজি মই স্বোৱামীৰে স’তে!
কিৰূপে সমিম আৰু বিধৱাৰ দুখ!
কি সতেৰে বাই! মই মছোঁ কপালৰ
সেন্দুৰৰ ফোঁট জুৰি? কি সঁতেৰে যাওঁ
স্বোৱামীক এৰি থই চিতাৰ জুইত
অকলে অকলে হায়! বৰ শোক পাওঁ!
স্বামীৰ তিৰুতা মই, স্বামী মোৰ প্ৰাণ,
স্বামীৰ জীৱনে বাই! মোৰ যে জীৱন!
মোত লাগি বাই! তুমি নকৰিবা শোক,
স্বামীৰ মৃত্যুত মোৰো ঘটিল মৰণ!
কত আশা বাই! তুমি কৰিছিলা মোত,
কৰিছিলা কত স্নেই, মাকৰ মৰম
তেনেকুৱা হয় বুলি, নোপজে বিশ্বাস!
নিমৰম কালে কিন্তু কৰিলে হৰণ!
কুটীল বিধতা! তাৰ কুটীল চক্ৰত
পৰি আজি তিয়াগিলো তোমাহেন বাই;
স্বোৱামী যে গ’ল এৰি কিৰূপে থাকিম?
এই জগতত আৰু কিবা সুখ খাই?
সতী যাওঁ বাই! মোক নকৰিবা বাধা;
নগৰৰ সকলোকে তুমি ক'বা গই,