পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/১৫৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


এই কথা ভাবি যদি চায় এখন্তেক,
বদ ভাব মানুহৰ পাৰে কি আহিব?
আহাহা! পৰাণকান্দে, চোৱাছো পাঠক!
সৌৱা শ্মশানত আনি তুলিছে চিতাত
কমতা ৰজাক আহা!–থাকোতে নিশ্বাস
শুইছিলে নেকি তেওঁ এনুৱা শয্যাত?
নহয় কেৱল শয্যা; সিকালৰে স'তে
আজিৰ অবস্থা হায় কৰিলে তুলনা,
সংসাৰত মানুহৰ জন্মে কি হেপাহ?
থাকে ঐশ্বৰ্যত নেকি দাৰুণ কামনা?
ভাই ভনী তিৰুতাক আপোনাৰ বুলি
জনমে কি ভাব হায়! নৰৰ মনত?
যদি ভাবে এই কথা, হৰিলে নিশ্বাস,
আই ভাই কোনোৱেই নাযায় লগত!
আহাহা পৰাণ কান্দো জীৱন্ততে মৰা
কুঁৱৰীয়ে কান্দি কান্দি তুলিলে চিতাত
আপোনাৰ স্বোৱামীক (কতা ৰজাক)
চকুলো বোৱাই হায়! তপত হিয়াত!
অগনি লগাই দিলে, জ্বলিলে অগনি
দপ্ দপ্ কৰি হায়!—পুৰণী কালত
(অশ্বমেধ” যি কালত আছিলে চলিত)
জ্বলিছিলে যেনেকই যজ্ঞৰ কুণ্ডত!
জ্বলিলে চিতাৰ জুই দপ্ দপ্ কৰি,
আগনি লাগিলে গই উঠি স্বৰগত!