সমললৈ যাওক

পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/১৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪০
কমতাপুৰ ধ্বংস কাব্য

তাক কাটি মই খাওঁ, মই হওঁ বৰ,
থাকে এনেকুৱা ভাব অবাধ নৰৰ!
নাকত নিশ্বাস থাকে যত বেলি ব’লি,
তই বেলি মানৱৰ থাকে ভিন পৰ,
সিটী পৰ ইটী মোৰ ঘৰৰে আপোন,
এনে ঘৃননীয় ভাব থাকে মানৱৰ!
থাকে ব’লি যত বেলি নাকত নিশ্বাস,
তত বেলি থাকে হায়! দাৰুণ হেঁপাহ,
মানৱৰ ধন সোন বস্তু ঐশ্বৰ্য্যত,
মৰে কটাকটি কৰি ধনৰ লোভত!
অবোধ মানুহ! কিন্তু নাভাবে খন্তেক,
এদিন নিশ্বাস মাৰ যাব যে নাকত!
সি কালত ভাই ভনী ঐশ্বৰ্য্য ৰতন
তিয়াগি লগিব যাব শ্মন্মান মাজত!
শ্মশান মাজত হায়! পঞ্চভূতি দেহ!
লয় পাব মিল হই পাছোটা ভূতত!
পানীত মিলিব পানী, অগনি অগ্নিত
ধুলীয়ে ধুলীয়ে, বায়ু বায়ুৰ লগত!
আকাশত হব মিল তেতিয়া আকাশ,
সিকালত ক’তো আৰু শেষ নাথাকিব!
ধন সোন ৰত্ন আৰু প্ৰাণৰ প্ৰেয়সী
পুত্ৰ পৰিযাল আদি লাগিব ত্যজিব!
ভিন পৰ, সৰু বৰ, নাথাকিব চিন,
একে লগে শ্মশানত লাগিব থাকিব!