সমললৈ যাওক

পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/১৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৯
চতুৰ্দশ সৰ্গ।

সি বুলি জীৱন্ত প্ৰাণ আছে কি দেহাত?
নাই নাই ক’তো নাই এই জগতত
"জীৱন্ত-জীৱন” হায়! আহি ই ঠাইত
জীৱনত দুখ পাই নিৰ্জ্জীবতা পালে।
সি কাৰণে কওঁ আজি অভাগী। কুঁৱৰী
মৰিচে নিশ্চয় হায়! সচা ভাবি চালে।
কুৱৰীৰ দৰে হায়! আমিও সকলো
এই মৰ জগতৰ শোক বিষাদত
(নিতে নিতে পাই বহু বেজাৰ সন্তাপ)
মৰি আছোঁ; মৰি আছোঁ নিতে জীবন্তত।
নাম মাত্ৰ আছোঁ আমি মৰ্ত্তত জীয়াই,
নাম মাথোঁ কথা কোৱা নামে লৰা-চৰা,
নাম মাথোঁ আছে হায়। নাকত নিশ্বাস,
কাজে কিন্তু সকলোটী প্ৰাণহীন মৰা। .
জীৱন্ততে মৰা আমি। অনিত্য জীৱন।
অনিত্য ই দেহা-সজা প্ৰাণ-পখী, গ’লে।
পঞ্চভূত পাব লয় পাছোটা ভূতত,
নাকৰ নিশ্বাস বায়ু থিৰ হই ৰলে।
নাকৰ নিশ্বাস বলি থাকে যত বেলি,
তত বেলি মানৱক লাগে ভাল ভাল,
সাজ-পাৰ, ধন বস্তু লাগে ভাই ভনী,
পৰাণৰ প্ৰণয়িণী পুত্ৰ পৰিয়াল।
নাকত নিশ্বাস থাকে যত বেলি ব’লি,,
তত বেলি মানৱৰ খিয়লা খিয়লি,