এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৮
কমতাপুৰ ধ্বংস কাব্য।
সেই দেখা কুৱৰীৰ গুছিল ভাগ্যত।
পৰানৰ স্বোৱামীৰ জীৱনৰে স’তে
মৰিলে কুঁৱৰী হায়! আজি জীৱন্তত।
ইকি কথা? অসম্ভব, কোনে বা শুনিব?
কিৰূপে মৰিছে প্ৰাণ থাকোতে দেহাত?
যদিহে পাঠক! তুমি বিশ্বাস নকৰা,
কি কৰি বুজাম মই, নিজে নুবুজিলে?
কিন্তু চোৱাঁ ভাবি তুমি পাৰিবা বুজিব,
পৰাণ থাকোতে ৰাণী কিৰূপে মৰিল
আহাহা পাঠক হায়! পাৰিছো বুজিব
কথা কোৱা, লৰা-চৰা, এই সবকেই
ভাবানেকি তুমি বুলি জীৱ ও জীবন?
যদি ভাবা তেনে হায়! মিছাই তেনেই;
জীবন্ত জীৱন হায়! নাই জগতত।
স্বৰগত ৰাজে মাথোঁ “জীৱন্ত জীৱন”;
নিৰ্জ্জীব-জীবনে ভৰা গোটেই পৃথিবী,
পলে পলে থাকে ঘটি নিতউ মৰণ।
শোকৰ ক্ষমতা য’ত বিৰাজে নিওউ,
বিষাদৰ দোলে য’ত বান্ধিছে জীৱন,
নিৰাশা-দাৱৰ আৰু নিদাৰুণ ৰোগ
যন্ত্ৰণা নৰকে য’ত মাতিছে মৰণ;
জীৱন্ত-জীৱন হায় এনুৱা ঠাইত
পাৰে কি থাকিব? থাকে নেকি কৰবাত?
তুমি আমি কথা কওঁ লৰোঁ চৰোঁ সঁচা,