সমললৈ যাওক

পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/১৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৭
চতুৰ্দশ সৰ্গ।

লুকাই লুকাই যায়, পুনৰ নোভটে!
নিতে নিতে ফুলে ফুল কত ফুলনী,
নিতে নিতে কত ফুল জহি সৰি যায়;
সেই ফুলে নেকি পুনু ফুলি উলাহত
ফুলনী পোহৰ কৰে সংসাৰতা হায়?
তোমাৰ আমাৰ আৰু সকলো লোকৰ
শোক , দুখ, হৃদয়ৰ বিষাদ, যন্ত্ৰণা,
দয়া মায়া হাঁহি কন্দা, চকুলো চকুৰ,
ভাল-পোৱা-পোৱি আৰু মনৰ মন্ত্ৰণা ,
আনন্দ, ধেমালী আৰু উলাহ মনৰ,
বেজাৰ, সন্তাপ, হায়! মান অপমান,
কাম, ক্ৰোধ, লোভ, মোহ ৰিপুৰ তাড়না,
মনৰ হেপাহ আৰু বায়ুময় প্ৰাণ,
সকলোটী নিতে নিতে গইছে নীৰলে
কালৰ গৰ্ভৰ ফালে লয় পাবলই!
যি গইছে গ’ল সিটী একেবাৰে গ’ল!
উলট আকউ সিটী আৰু নাহেগই!
কুঁৱৰীৰ প্ৰাণ আজি কুণৱৰীৰ জ্ঞান,
কুঁৱৰূৰ অন্তৰৰ হেপাহৰ ধ্যান,
একেবাৰে গই আজি লুকাল আঁৰত,
অনন্ত অপাৰ হায়! কালৰ গৰ্ভত!
কুঁৱৰীত নাই আৰু এতিয়া কুৱৰী;
সংসাৰ ভৰিলে আজি ঘোৰ এন্ধাৰত!
দেখিছা পোহৰ তুমি সূৰ্য্যৰ কিৰণ,