সমললৈ যাওক

পৃষ্ঠা:কবিতা আৰু দৰ্শন.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কবিতা আৰু দৰ্শন . A... যাখ্যা আৰু সত্যৰ বিষয়ে এটা সম্পূৰ্ণ দৃশ্য জগতক G দান দিবলৈ চেষ্টা কৰা উচিত। নিত্যতা প্ৰকাশ নকৰাকৈ কেৱল আনন্দ আৰু তৃপ্তি প্ৰদান কৰিলেই কবিতাৰ মুখ্য উদ্দেশ্য সাধন নহয়। দাৰ্শনিক শ্ৰেষ্ঠ এৰিষ্টটলে এই কথা আতি প্ৰাঞ্জলভাবে পৰিস্ফুটিত কৰি তুলিছে যে কবিতা দৰ্শনৰ এক প্ৰধান অংশ আৰু কবিতাৰ উচ্চতম লক্ষ্য হৈছে সতাৰ ওচৰত উপনীত হোৱা। প্ৰকৃত কবিয়ে প্ৰতি অংশতে সম্পূৰ্ণতা বিৰাজ কৰা দেখিবলৈ পায় আৰু তেওঁ কবিতাৰ আলমত উক্ত সম্পূৰ্ণতাৰ ছায়া যানববৰ্গক প্ৰকাশ কৰি দেখুৱাবলৈ সক্ষম হয়। কেৱল আমোদ প্ৰদান কৰিবলৈ বা মানব সমাজৰ ভাল আৰু বেয়া ভাবৰাশি প্ৰকাশ কৰিবলৈ অথবা, মানব জীৱনৰ বিষয়ে বা মানব স্বভাবৰ বিষয়ে আমাৰ জ্ঞান বৃদ্ধি কৰিবলৈ কবিতা সৃষ্টি হোৱা নাই, কবিতাৰ উদ্দেশ্য মহান্ অতি উচ্চ;-কবিতাৰ এই উচ্চতম উদ্দেশ্য হৈছে ‘আদশ সত্যক’ প্ৰকাশ কৰা। গতিকেই দেখা গ'ল যে কবিতা আৰু দৰ্শনৰ মাজত বিশেষ সামঞ্জস্য জড়িত আছে, আৰু, কবিতা, -- প্ৰকৃত কবিতা ৰূপে পৰিগণিত হবলৈ হলে নিশ্চয় দৰ্শনৰ লগত সম্বন্ধ থাকিব লাগিব। কাৰণ মন টি হলে আৰু আত্মা শান্তিত থাকিলেছে কণ্ঠত অৰ্ণীতল সুললিত কবিতাৰ সোঁত প্ৰবাহিত হয়। বিৰক্ত আত্মা আৰু অস্থিৰ মন হলে কেতিয়াও প্ৰকৃত ডাঙ্গৰ কবি হব নোৱাৰে। জীৱনৰ স্পন্দন কবিতাৰ ছন্দত পৰিণত হয়। হৃদয় সুশ্ৰাব্য আৰু অমৃতময় হলেহে কণ্ঠত কবিতাৰ কৰুণ ছন্দ ঝঙ্কাৰিত হয়। মনৰ পৰা সন্দেহৰ ডাৱৰ ভাহি নাইকিয়া হলেহে অন্তৰ আত্মাই সমস্বৰ সাধন কৰিব পাৰে। অস্ত-আত্মা St Ideal Truth.