সমললৈ যাওক

পৃষ্ঠা:কবিতা আৰু দৰ্শন.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কবিতা আৰু দৰ্শন কলাই আনন্দত জন্ম গ্ৰহণ কৰা কাৰণেই আমাক আনন্দ প্ৰান কৰিবলৈ সক্ষম হয়। সুকুমাৰ কলাৰ সৃষ্টি আৰু আনন্দ স্বাভাবিক আৰু আত্ম-জ্ঞান শূন্য। শিল্পীয়ে এটা বিশেষ অভিপ্ৰায় লৈ দশকক বা জগতক 'আনন্দ দিবলৈ বুলি কোনো কাৰ্যা সম্পন্ন নকৰে --- শিল্পীৰ অন্তৰ-আত্মাত যি প্ৰগাঢ় ভাব অনুভব হয়, সেইৰেই মাগো বাহ্যিক জগতত শিল্প-কাৰ্য হিচাপে প্ৰকাশ পাব। অধিক শক্তিৰ প্ৰাদুৰ্ভাব হলেহে হুকুমাৰ কলাৰ সৃষ্টি সম্ভবপৰ। “মানুহে কোনো লাভৰ কাৰণে কথা কয়, কিন্তু যেতিয়া কোনো চেনে কাৰণ নাথাকে তেতিয়া গান গাই; কোনো দূৰ অতিক্ৰম কৰিবলৈ যামুড়ে খোজকাঢ়ে, কিন্তু বেভিয়া কোনো পৰ অতিক্ৰম কৰিবলৈ নাথাকে, তেতিয়া মানুহে নাচে, মানুহে হাতত কলম থাকিলে লিখে, কিন্তু যেতিয়া কোনো কলম নাথাকে, তেতিয় ছবিত ৰং লগাই”। যেতিয়া মানব সমাজৰ সম্পূৰ্ণ সময় আৰু শক্তি বৃদ্ধ-বিগ্ৰহ বেপাৰ বাণিজ্যত ব্যবহাৰ কৰা হয়, তেতিয় চিদাঙ্গন, প্ৰত্য, কবিতা আদি হুকুমাৰ কলাৰ চৰ্চ্চা কৰিবৰ কাৰণে মানব সমাজে অমুল্য সময় আৰু ব্যক্তি খৰছ কৰিবলৈ অক্ষম হয়। কিন্তু এইটো মন কৰিব লাগিব যে “সুকুমাৰ কলাৰ জন্ম আলস্যত বাণিজ্যত নহয়।” মানবৰন্দই মানসিক বা শাৰীৰিক অভাৰ পূৰণ কৰিবলৈ সুকুমাৰ কলাত আশ্ৰয় গোৱাটো ভুল। সুকুমাৰ কলা কেৱল আমি অনুভব কৰো বা উপভোগ কৰো, কিন্তু তাক পুঙ্খানুপুঙ্গৰূপে বিশ্লেষন কৰা ৰা তুল-তৰ্জ্জুত ওজন কৰা অনাবশ্যক। যদিও সুকুমাৰ কলাৰ এক প্ৰধান অংশ হিচাপে, দশন সম্বন্ধে আলোচনা কৰা কবিতাৰ উদ্দেশ্য নহয়, তাচ, কবিতাত দৰ্শনৰ দৃষ্টি উদ্ভব নহলে উক্ত উদ্দেশ্য সিদ্ধি হব নোৱাৰে। কবিতাই জীৱনৰ