সমললৈ যাওক

পৃষ্ঠা:কবিতা আৰু দৰ্শন.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কবিতা আৰু দৰ্শ আৰু বাহিক আত্মা গলি দুয়ো এক হলেছে অপূৰ্ব মধুময় সমস্বৰৰ কষ্ট হয়। কবিতা মানব হৃদয়ৰ প্ৰতিধ্বনি আৰু বিশ্ব জগতৰ গীতি-লহৰী। কবিৰ প্ৰকৃতিলৈ প্ৰেম আৰু সৃষ্টিলৈ মৰম থাকি লাগিব। কবীৰু ৰবীন্দ্ৰনাথে শিল্পীৰ আত্মা জগত-আত্মাৰ লগত এই দৰে বৰ্ণনা কৰি দেখুৱাইছে- “পৃথিবীয়ে অন্তৰ-আত্মাক সম্বোধি কৈছে,--“বন্ধু! তুমি মোক দেখিছানে? তুমি মোক ভাল পোৱানে?” ইয়াৰ উত্তৰত শিল্পীয়ে কৈছে, “হয়। মই তোমাক দেখিছো, মই তোমাক ভাল পাওঁ কিন্তু মই তোমাক নিজ ব্যক্তি হিচাপেহে ভাল পাও, তুমি মোক আহাৰ, ফল, ফুল ইত্যাদি দিয়া কাৰণে অথবা ম‍ই তোমাৰ শক্তি ব্যৱহাৰ কৰিবলৈ পোৱাত মই তোমাক ভাল পাও সি নয়।” চৌদিশে গৌন্দগা বোধ কৰিবলৈ হলে শ্যামল পৃথিবীক ভাল পাব লাগিব, প্ৰকৃতিক চুমা খাব লাগিব, প্ৰকৃতিৰ লগত নাগিব আৰু প্ৰকৃতিৰ লগত সমবেদনা বা সম আনন্দৰ ধেমালি কৰিব অধিকাৰী হব লাগিব। প্ৰকৃত কবিয়ে প্ৰকৃতিৰ বিশৃঙ্খল কোলাপুৰ্ণ শব্দ সম ভিতৰতো সমস্বৰ অনুভব কৰিব পাৰে—মলিন কদৰ্য্য হৃদয়তো জ্যোৎস্নাৰ জাভা দেখিবলৈ পায় আৰু সমবত 'নিত্যতাৰ ১' প্ৰতিবিম্ব নিৰীক্ষ; কৰে। প্ৰকৃত কবিতাত মানসিক উদ্বেগ আৰু চিন্ত উভয়ৰে সামঞ্জস নিহিত থাকিব লাগিব, —- কাৰণ কেৱল চিত্তা-শূন্য উদ্বেগ বা অনুভব হলে কবিতাত কণ্ঠস্বৰ নেথাকিব। বৰাঞ্জনাথে কঠোৰাকাৰত মায়াবাদ ২ আৰু বাস্তববাদ ও সমৰ্থন নকৰে। তেওঁ কয় “মই আদশ কাল্পনিক জীৱন বিশ্বাস কৰো। 21 Eternity > Idealisin Realism