সমললৈ যাওক

পৃষ্ঠা:কবিতা আৰু দৰ্শন.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কবিতা আৰু দৰ্শন “নহ মাতা, নহ কন্যা, নহ বধূ, সুন্দৰী ৰূপসী” তোমাৰ নৃত্যেৰ “ছন্দে ছন্দে নাচি উঠে সিন্ধুমাঝে তৰঙ্গেৰ দল, শস্যশীৰ্ষে শিহৰিয়া কাঁপি উঠে ধৰাৰ অঞ্চল, তব স্তনহাৰ হ'তে নভস্তলে খসি পড়ে তাৰা, অকস্মাৎ পুৰুষেৰ বক্ষোমাঝে চিত্ত আত্মহাৰা, নাচে ৰক্তপাৰা।" কবিয়ে কৈছে যে ঊৰ্ধ্বণীক বিশ্বমানবে নিজৰ বুলি ভাবি আনতি হৈছে। বিশ্বৰ বাসনাই উণীৰ পৰা পৰিপূৰ্ণ চৰিতাৰ্থতা লাভ কৰিছে। তেওঁ উৰ্ব্বণীক সম্বোধি কৈছে “তুমি ধন্যা! কাৰণ তুমি বিশ্বক ধন কৰিলা। বিশ্বৰ মানস ৰাজ্যত তুমি মহিময়ী সম্ৰাজ্ঞী। বিশ্ব আজি তোমাৰ গৌৰবত গৌৰবান্বিত “উৰ্ব্বশী” কবিতাত কবিয়ে বিশ্বৰ সৌন্দৰ্য্যৰ স্তুতি গান কৰিলে। কবিৰ সাধনা সাৰ্থক হল। উল্লিখিত আলোচনাৰ পৰা পৰিস্কাৰকৈ দেখা গ'ল যে আমা দশনৰ বিষয়ে জ্ঞান দিয়া যদিও কবিতাৰ চৰম উদ্দেশ্য নহয় তথাপিও কবিতাই নিজ উদ্দেশ্য সাধন কৰিবলৈ হ'লে কবিতাত দৰ্শনৰ সৃষ্টি হ'ব লাগিব। মেথিউ আৰ্নল্ডে “কবিতা মানব জীৱনৰ সমালোচনা।” বুলি বৰ্ণনা কৰিছে। কবিতা আৰু দৰ্শনৰ জন্ম যদিও বিভিন্ন শাখাৰ পৰ৷—উদ্দেশ্য এক। কবিতা আৰু দশন উভয়ে সৌন্দৰ্যাৰ দ্বাৰত লগ লাগে। প্ৰকৃত কবিতাই সৌন্দৰ্য্য সত্যত আৰু সত্য সৌন্দৰ্যত ১ > Beauty is Truth and Truth is Beauty.